নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ইউৰিয়া সাৰৰ মুকলি ক’লা বজাৰ; ৯০০ টকাত বিক্রী এক বস্তা সাৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ হোজাই জিলাত ইউৰিয়া সাৰৰ এক ভয়ংকৰ ক’লা বজাৰ মুকলিকৈ চলিছে৷ একোটা ইউৰিয়া সাৰৰ বস্তা ৯০০ৰ পৰা ১২০০ টকা পর্যন্ত মুকলিকৈ বিক্রী কৰা কার্য অব্যাহত ৰাখিছে সাৰ বিক্রী কেন্দ্রসমূহে৷ এইবাৰ বৰষুণে খেতিয়কসকলক হতাশ কৰি তোলাৰ পিছত ভূতৰ ওপৰত দানহ পৰাদি পৰিছে সাৰৰ ক’লা বজাৰ৷ ইউৰিয়া সাৰৰ অত্যধিক দামৰ বাবে জিলাখনৰ কৃষকসকলে মূৰে–কপালে হাত দিব লগাত পৰিছে৷ আজি লংকাৰ ভালুকমাৰীৰ সমীপত থকা নিমাই এগ্রো হাউছ নামৰ সাৰ বিক্রী কেন্দ্র এটাই ইউৰিয়া সাৰৰ এটা পেকেটৰ বাবদ ৯০০ টকাকৈ মুকলিকৈ সংগ্রহ কৰি থকাৰ অভিযোগ লাভ কৰাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে৷ অভিযোগ লাভ কৰি সাৰ বিক্রী কেন্দ্রটোত উপস্থিত হোৱাত প্রত্যক্ষ কৰিবলৈ পোৱা গ’ল যে একোটা ইউৰিয়া সাৰৰ বেগৰ লগত ছইলৰ ১ কেজিৰ দুটাকৈ পেকেট root-x) বলপূর্বকভাৱে ক্রয় কৰিবলৈ বাধ্য কৰোৱা হৈছে ইউৰিয়া ক্রয় কৰিবলৈ অহা লোকক৷ এটা ইউৰিয়া সাৰৰ এক বেগৰ বাবদ ৩০০ টকা আৰু ছইলৰ দুটা পেকেটৰ বাবদ (১ কেজিৰ এটা পেকেটত ৩০০কৈ) ৬০০ টকা, মুঠ ৯০০ টকা আদায় কৰিছে প্রতিজন ইউৰিয়া সাৰ ক্রয় কৰিবলৈ অহা লোকৰ পৰা৷ ছইলৰ পেকেট ক্রয় কৰিবলৈ সন্মত নোহোৱা লোকক ইউৰিয়া সাৰৰ পৰা বঞ্চিত কৰি মুকলিকৈ এনে কার্য নিমাই এগ্রো হাউছ নামৰ সাৰ বিক্রী কেন্দ্রটোৱে অব্যাহত ৰাখিছে৷ নিজৰ খেতিডৰাৰ বাবে সাৰ ক্রয় কৰিবলৈ অহা লোকে উপায়বিহীন হৈ এটা বেগ ইউৰিয়া সাৰৰ বাবে প্রয়োজন নোহোৱা সত্ত্বেও ২টাকৈ ছইলৰ পেকেটৰ বাবদ ৬০০ টকাকৈ ভৰিবলগীয়া হৈছে৷ এই সম্পর্কত এই প্রতিবেদকে নিমাই এগ্রো হাউছৰ গৰাকীক কিয় এনেদৰে ছইলৰ পেকেট দি ৯০০ টকাত বিক্রী কৰিছে বুলি প্রশ্ণ কৰাত ছইলৰ পেকেট নল’লে ইউৰিয়া সাৰ বিক্রী নকৰোঁ বুলি কৈ দোকান বন্ধ কৰি দিয়ে৷ এই বিষয়ে হোজাই মহকুমা কৃষি বিষয়া পৰাগধৰ মহন্তক অৱগত কৰোৱাত অঞ্চলটোৰ দায়িত্বত থকা এডি’ পংকজ বর্মনক ঘটনাস্থলীলৈ প্রেৰণ কৰে৷ এডি’গৰাকীৰ সন্মুখত ইউৰিয়া সাৰ ক্রয় কৰিবলৈ অহা লোকেও এনে কার্যৰ বিষয়ে অৱগত কৰাত এডি’ৰ নির্দেশত নিমাই এগ্রো হাউছে মজুত থকা ২৭টা ইউৰিয়া সাৰৰ বেগ ছইল অবিহনে ৩০০ টকাত বিক্রী কৰিবলৈ বাধ্য হয় যদিও পূর্বে ৭৩টা ইউৰিয়া সাৰৰ বেগ ৯০০ টকাত বিক্রী কৰা নিমাই এগ্রো হাউছৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ মন কৰিবলগীয়া যে জিলাখনৰ আন ঠাইতো এনেদৰেই ইউৰিয়া সাৰ বিক্রীৰ বাবদ মুকলিকৈ আৰু নির্ভয়ে লুণ্ঠন চলাইছে সাৰ বিক্রী কেন্দ্রসমূহে৷ সাৰ ক্রয় কৰিবলৈ অহা লোকৰ পৰা কেৱল এখন ভোটাৰ কার্ডৰ জেৰক্স কপী লৈ একোটা ইউৰিয়া সাৰৰ বেগৰ বাবদ ৯০০, ১০০০, ১২০০ টকা পর্যন্ত সৰকাই থকা সাৰ কেন্দ্রসমূহৰ প্রতি চকু দিবলৈ আহৰি নাই জিলা কৃষি বিভাগৰ৷ জিলাখনত বিয়াগোম কৃষি বিভাগ এটা আছে যদিও কৃষি বিভাগৰ চকুৰ সন্মুখতে জিলাখনত ইউৰিয়া সাৰৰ এনে মুকলি ক’লা বজাৰ চলি থকাৰ পিছতো আজি সাংবাদিকেহে কৃষি বিষয়াক অৱগত কৰিব লগা হোৱা কার্যই বহু প্রশ্ণৰে অৱতাৰণা কৰিছে৷ অৱশ্যে এই বিষয়ে হোজাই জিলাত নকৈ যোগদান কৰা উপায়ুক্ত অনুপম চৌধুৰীক অৱগত কৰোৱাত উপায়ুক্তগৰাকীয়ে বিষয়টো সন্দর্ভত ব্যৱস্থা গ্রহণ কৰিব বুলি অৱগত কৰে৷

You might also like