নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় দিনাও চনু সুদৰ বাসগৃহত আয়কৰৰ তালাচী

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ  অভিনেতা চনু সুদৰ মুম্বাইস্থিত বাসগৃহত বৃহস্পতিবাৰে পুনৰ আয়কৰ বিভাগৰ বিষয়াই তালাচী চলায়৷ স্মর্তব্য যে কালি অভিনেতাগৰাকীৰ জুহুস্থিত বাসগৃহৰ দাতব্য সংস্থাৰ কার্যালয়কে ধৰি ৬টা স্থানত আয়কৰৰ বিষয়াই তালাচী চলাইছিল৷ আজি পুৱতিনিশা এই তালাচী অভিযানৰ অন্ত পৰে যদিও পুৱাৰ ভাগতে পুনৰ আয়কৰৰ বিষয়াই মুম্বাইস্থিত অভিনেতাগৰাকীৰ বাসগৃহত তালাচী চলায়৷

লক্ষ্ণৌস্থিত এক ৰিয়েল ইষ্টেট কোম্পানীৰ সৈতে সম্পত্তি বিক্রীৰ চুক্তি হোৱা বিষয়টোতো আয়কৰৰ বিষয়াই নজৰ দিয়ে৷ স্মর্তব্য যে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে অভিনেতাগৰাকীক বিদ্যালয়ৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়াৰ পাছতে আয়কৰে তেওঁৰ কার্যালয়কে ধৰি ৬টা স্থানত তালাচী চলোৱা ঘটনাক লৈ কালি দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হয়৷ অভিনেতাগৰাকীয়ে ক’ভিড মহামাৰীৰ সময়ত দুর্গত লোকসকলক সহায় কৰি বিপুল জনপ্রিয়তা আদায় কৰিবলৈ সক্ষম হৈছিল৷

You might also like