১৭ বছৰ উদ্ধৰ যুৱক যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তভুক্তিৰ বাবে চাৰিবাৰকৈ কৰিব পাৰিব আবেদন
বজালী জিলা নিব্বাচনী বিষয়াৰ সংবাদমেল
নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিয়মানুসাৰে বিশেষ ভোটাৰ তালিকা সংশোধন, ভোটাৰ তালিকাত নাম অন্তভূক্তি আদিৰ সন্দৰ্ভত আজি বজালী জিলা নিব্বাচনী বিষয়া তথা উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই এক সংবাদ মেল অনুস্থিত কৰে৷ বজালী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সংবাদ মেল সম্বোধন কৰি বিষয়া গৰাকীয়ে ভাৰতীয় নিৰ্বাচনী আয়োগৰ নীতি অনুসৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ, চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ আৰু নতুন ভোটাৰ হবলৈ ওলোৱা ১৭ বছৰ উৰ্ধৰ সকলো যুৱক যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বাবে পূৰ্বৰ এটা তাৰিখৰ পৰিবৰ্তে এতিয়া বছৰত চাৰিবাৰ এই সুবিধা লাভ কৰিব বুলি ব্যক্ত কৰে৷ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ চাৰিটা তাৰিখ ক্ৰমে ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ বুলি সদৰি কৰি জিলা নিৰ্বাচনী বিষয়গৰাকীয়ে ১৭ বছৰৰ উৰ্ধৰ সকলো যুৱক-যুৱতীকে ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়৷ আনহাতে অহা পহিলা আগষ্টৰ পৰা সকলো ভোটাৰে ভোটাৰ তালিকাত ৬ (বি) প্ৰ-পত্ৰ যোগে নিজৰ আধাৰ নম্বৰ লিংক কৰিব লাগিব৷ নিৰ্বাচন আয়োগে পূৰ্বৰ সকলো প্ৰপত্ৰ নাকচ কৰি ৬ নং প্ৰপত্ৰৰে ভোটাৰ তালিকাত নাম ভৰ্তি, ৬ (বি) প্ৰপত্ৰৰে আধাৰ লিংক, ৭ নং প্ৰপত্ৰৰে আপত্তি, বাতিল, অন্যান্য আৰু সমষ্টি সলনিৰ বাবে ৮ নং প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ আজিৰ সংবাদ মেলত জিলা নিৰ্বাচন বিষয়া গৰাকীৰ লগতে অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচনী) ধ্ৰুবাজ্যোতি দেৱ আৰু নিৰ্বাচনী বিষয়া শ্ৰীমতী হেমাশ্ৰী খানিকৰ উপস্থিত থাকে৷
প্ৰেৰক কল্যাণ কলিতা