নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশু যতন কক্ষত অগ্নিকাণ্ডঃ দৈৱক্রমে ৰক্ষা পৰিল ১৪টি নৱজাতক

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ দুশ বিছনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশু যতন কক্ষত আজি পুৱা ৯ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত আতংকময় পৰিস্থিতি সৃষ্টি হয়৷ হুৱাদুৱা লাগে চিকিৎসালয়খনৰ ৰোগী তথা অভিভাৱকসকলৰ মাজত৷ যিয়ে যেনিয়ে পায় তেনিয়ে দৌৰি নিজৰ প্রাণৰক্ষা কৰাৰ চেষ্টা চলায়৷

ঘটনাৰ বিৱৰণী মতে, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশু যতন কক্ষত আজি পুৱা ৯ বজাত হঠাৎ বৈদ্যুতিক তাঁৰৰ পৰা জুই দাওদাওকৈ জ্বলি উঠাত শিশু যতন কক্ষত থকা চিকিৎসাকর্মী আৰু শিশুৰ অভিভাৱকসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়৷ তৎক্ষণাত অভিভাৱকসকল আৰু স্বাস্থ্যকর্মীসকলে নৱজাতকসকলক লৈ বাহিৰলৈ ওলাই আহে৷ একাংশ অভিভাৱকে কোঠাৰ খিৰিকীৰ কাচ ভাঙি শিশু লৈ বাহিৰলৈ ওলাই আহে৷ লগে লগে আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীক খবৰ দিয়াত তিনিখনকৈ অগ্নিনির্বাপক বাহিনীৰ গাডীয়ে জুই নুমাবলৈ সক্ষম হয়৷ শিশু যতন কক্ষত থকা ১৪টিকৈ নৱজাতক দৈৱক্রমে ৰক্ষা পৰে৷

ইপিনে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পাই চিকিৎসালয়খনত উপস্থিত হয় স্থানীয় বিধায়ক এ কে ৰছিদ আলম, জিলা উপায়ুক্ত মীনাক্ষি দাস নাথ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস৷ জিলা উপায়ুক্তৰ নির্দেশমর্মে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে পাঁচটি শিশুক চহৰৰ ছলেছ হাস্পতালত, দুটি শিশুক ফ্লৰেন্স হাস্পতালৰ আই চি ইউত ৰখাৰ ব্যৱস্থা কৰাৰ বিপৰীতে চাৰিটি শিশুক অসামৰিক চিকিৎসালয়ত ৰখাৰ ব্যৱস্থা কৰা হয়৷ বাকী তিনিটি শিশু সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়া হয়৷

উক্ত ঘটনা সন্দর্ভত বিধায়ক এ কে ৰছিদ আলমে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশু যতন কক্ষত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ১৪টিকৈ শিশুৰ কথমপি প্রাণৰক্ষা পৰাত ধন্যবাদ জনায় চিকিৎসালয়ৰ চিকিৎসাকর্মীসকলক্৷ কিয়নো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি খিৰিকীৰ কাচ ভাঙি ১৪টিকৈ শিশুৰ প্রাণৰক্ষা কৰে৷

উক্ত ঘটনা সন্দর্ভত এক তদন্তৰ দাবী জনোৱাৰ লগতে এসপ্তাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ উক্ত ঘটনা সন্দর্ভত জিলা উপায়ুক্ত মীনাক্ষি দাস নাথে কয় যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটো অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে তদন্তৰ চলাব আৰু সেইমতে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কিন্তু প্রশ্ন উত্থাপন হৈছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বহুদিন পূর্বে বৈদ্যুতিক তাঁৰ লগোৱাৰ পাছত সেইবোৰ কিয় মেৰামতিৰ ব্যৱস্থা কৰা নহয়৷ অক্সিজেন প্লাণ্ট থকা চিকিৎসালয়খনত কিয় অভিজ্ঞতাসম্পন্ন বৈদ্যুতিক অভিযন্তা নিয়োগ কৰাৰ ব্যৱস্থা কৰা হোৱা নাই৷ এই সন্দর্ভত এক উচ্চ পর্যায়ৰ তদন্তৰ দাবী জনাইছে জিলাৰ সচেতন ৰাইজে৷

You might also like