নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত পৌৰসভাৰ উদ্যোগত বিশাল ত্ৰিৰংগা যাত্ৰা

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ ৰঙাপৰাতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যক্ৰম অংশ হিচাপে ৰঙাপৰা পৌৰসভাৰ উদ্যোগত এক বিশাল ত্ৰিৰংগা শোভাযাত্ৰা উলিওৱা হয় । ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ সমীপৰপৰা দিনৰ ১১:০০ বজাত উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সহস্ৰাধিক ৰাইজ, দলীয় কাৰ্যকৰ্তাই হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ ভাৰত মাতা কি জয় , জয় হিন্দ আদি শ্লোগান দি সমগ্ৰ ৰঙাপৰা নগৰ পৰিভ্ৰমণ কৰে । শোভাযাত্ৰাত ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়েও হাতত ত্ৰিৰংগা পতাকা লৈ অংশগ্ৰহণ কৰি অংশগ্ৰহণকাৰীসকলৰ উৎসাহ বৃদ্ধি কৰা পৰিলক্ষিত হয় ।

You might also like