নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতে হাতে জাতীয় পতাকা লৈ মৰিয়নিত আৰক্ষীৰ পদসঞ্চালন

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজন কৰা ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি মৰিয়নি আৰক্ষীয়ে পদ সঞ্চালন কৰে । মৰিয়নি আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু জোৱান সকলে এই পদ সঞ্চালনত অংশ লয় । হাতে হাতে জাতীয় পতাকা লৈ আৰক্ষীৰ লোকসকলে আৰক্ষী থানাৰ পৰা পদ সঞ্চালন কৰি মৰিয়নি নগৰ পৰিভ্ৰমন কৰে । মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, আৰক্ষী চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, উপ- পৰিদৰ্শক নন্দিনী কোঁ‌চ প্ৰমুখ্যে আৰক্ষী বিষয়াসকলে এই পদ সঞ্চালনত অংশ লয় । আৰক্ষীৰ জোৱানসকলে ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কি জয়’ আদি ধ্বনিৰে পৰিবেশ মুখৰ কৰি তোলে । আৰক্ষী প্ৰশাসনে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ।

You might also like