নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ধুবুৰীৰ বৰলুইতৰ বুকুত নৌকা সমদল

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি বৰ লুইতৰ বুকুত এটি ‘‘নৌকা ৰেলি’’ অনুষ্ঠিত হয়। ৰাজ্যৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে বৰলুইতত আয়োজিত হোৱা ৰেলিটোত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি মুঠ ৭৫ খন মেৰাইন ইঞ্জিনযুক্ত সু-সজ্জিত নৌকাই অংশ লয়৷ আজি পুৱা ৰাতিপুৱা ৯টা মান বজাত ধুবুৰী চহৰৰ কাছাৰী ঘাটৰ পৰা আৰম্ভ হোৱা এই ৰেলিটো নদীপথেৰে কেইবা কিলোমিটাৰ উজাই গৈ চালাকুৰা নামৰ চৰাঞ্চলৰ সমীপৰ পৰা পুনৰ উভতি অহাৰ পিছত সমাপ্তি ঘটে। ধুবুৰী আৰক্ষী, বি এছ এফ, আভ্যন্তৰীন জল পৰিবহণ বিভাগ আৰু ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণত জড়িত নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল এণ্ড টিৰ সহযোগত অনুষ্ঠিত হোৱা এই নৌকা ৰেলিটোত ধুবুৰী জিলাৰ উপায়ুক্ত এন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, ধুবুৰী পৌৰসভাৰ সভাপতি ডা৹ দেৱময় সান্ন্যাল প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী, চিআৰপিএফ, এচডিআৰএফৰ উচ্চপদস্থ বিষয়া–কৰ্মচাৰীয়ে অংশ লয়। আজিৰ এই ৰেলিটোক লৈ ধুবুৰীৰ সাধাৰণ ৰাইজেও স্বতঃস্ফূৰ্ত আহি অংশ লয়। উল্লেখ্য যে, ধুবুৰীৰ চৰ অঞ্চলত থকা হাজাৰ হাজাৰ লোকক দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চলি থকা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সাঙুৰি লৈ দেশাত্মবোধ আৰু দেশপ্ৰেমৰ বাণীৰে সকলোকে উদ্বুদ্ধ কৰিবলৈ আয়োজিত হোৱা এই ৰেলিটোত চৰাঞ্চলৰ হাজাৰ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ–ছাত্ৰীৰ মাজতো ব্যাপক উৎসাহ–উদ্দীপনাৰ সৃষ্টি কৰাও পৰিলক্ষিত হয়।

You might also like