নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কাঠপাৰাৰ কবি,কৃৰ্তী শিক্ষক আবুল খায়েৰ ছিদ্দিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঠপাৰা গাঁওৰ বিশিষ্ট কবি তথা কৃৰ্তী শিক্ষক আবুল খায়েৰ ছিদ্দিক(১০৪)ৰ আজি পুৱা ৭ বজাত নিজা বাসভৱনত মৃত্যু হয় ৷শিক্ষক গৰাকীৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ বন্যা কঢ়িয়াই আনিছে ৷ তেওঁ সমাজৰ নানা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰেতভাবে জড়িত আছিল ৷ আবুল খায়েৰ ছিদ্দিকে এখন কবিতা পুথি ৰচনা কৰিছিল ৷কবিতাপুথি খনৰ নাম “মাধুৰী” ৷ তেওঁ অসমীয়া কবিতাৰ লগতে ইংৰাজী কবিতাও লিখিছিল ৷তেওঁ প্ৰথমে ডাক বিভাগত কৰ্মজীৱনৰ পাতনি মেলি পিছত সুদীৰ্ঘ ৪২ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল ৷তেওঁ শিক্ষকতাৰ উপৰিও এজন বিশিষ্ট সমাজ কৰ্মীও আছিল ৷এইজন প্ৰবীণ শিক্ষকৰ প্ৰচেষ্টাতেই অন্ধকাৰময় কাঠপাৰা অঞ্চলত শিক্ষাৰ পোহৰৰে উজলি উঠিছিল ৷প্ৰবীণ শিক্ষক তথা কবি আবুল খায়েৰ ছিদ্দিকৰ মৃত্যুত উত্তৰ নগাঁওৰ বাবে এক অপূৰণীয় ক্ষতি হল ৷আজি বিয়লী ৩ বজাত সহস্ৰাধিক লোকৰ উপস্থিতিত মাজহাৰুল উলুম কাঠপাৰা ইছলামীয়া মাদ্ৰাছা সন্মুখত জানাজাৰ নামাজ সম্পন্ন কৰা হয় ৷

জহিৰুল ইছলাম/ৰূপহীহাট

You might also like