নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰে ডিগবৈত ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ মাজত ১৩ লাখ টকা বিতৰণ

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ১৩ লাখ টকাৰ চেক আজি ডিগবৈত বিতৰণ কৰা হয় । দুখিয়া মেধাৱী ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ মাজত এই ধনৰাশি বিতৰণ কৰা হয় ।ডিগবৈ সমষ্টিৰ  বিধায়কৰ  টিংৰাইস্থিত কাৰ্যালয়ত মুঠ ১০৮ গৰাকী লোকক চেক বিতৰণ কৰে ডিগবৈ বিধায়ক সুৰেন ফুকনে। সমষ্টি টোৰ বিভিন্ন প্ৰান্তৰ ৬৭গৰাকী আৰ্থিক ভাৱে পিছপৰা দুখীয়া মেধাৱী ছাত্র ছাত্ৰী আৰু ৪১গৰাকী দুৰাৰোগ্য ৰোগীয়ে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিৰ অনুদান লাভ কৰি আনন্দিত হোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাপজান সদৰ মণ্ডলৰ সভাপতি পাপু গগৈ, সম্পাদক ধীৰাজ গগৈ, জিলা পৰিষদৰ সদস্য সদস্যা, পঞ্চায়ত প্ৰতিনিধি সকল, মৰ্চাৰ সভাপতি সম্পাদক,নগৰ সমিতিৰ ৱাৰ্ড সদস্য সকল, দলীয় শুভাকাংক্ষীসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইপিনে, বিধায়ক সুৰেন ফুকনে উন্নয়নৰ প্ৰগতি আমাৰ লক্ষ্যৰে জনসাধাৰণক সমস্যাৰ পৰা সকাহ দিয়াই চৰকাৰৰ অন্যতম উদ্দেশ্য বুলি সকলোৰে সন্মুখত ব্যক্ত কৰে। photo
ৰমনি বুঢ়াগোহাঁই, ডিগবৈ।
You might also like