নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰৰ গোৰেশ্বৰ চ’কত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ১, আহত ১১

তামুলপুৰৰ গোৰেশ্বৰ চ’কত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱা লগতে আন ১১গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, AS 28 C 4667 নম্বৰৰ টেম্পো আৰু AS 13 R 7379 নম্বৰৰ ইকো ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় মহেশ বড়ো নামৰ এজন লোক।

উল্লেখযোগ্য যে নিহত মহেশ বড়ো আৰু গুৰুতৰভাৱে আহত আন ছয়গৰাকী লোক গুজৰাটৰ এখন কোম্পানীত কৰ্মৰত আছিল। তেওঁলোক গুজৰাটৰ পৰা ৰে’লযোগে আহি আজি পুৱা ৰঙিয়াৰ পৰা তামুলপুৰৰ ডুমৰীয়ালৈ টেম্পোযোগে গৈ থকা সময়তে গোৰেশ্বৰ চ’কত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ পিছতেই আৰক্ষী আৰু স্থানীয় ৰাইজে তৎপৰতাৰে আহতসকলক উদ্ধাৰ কৰি তামুলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। আহতসকলৰ ভিতৰত কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ১৩ এপ্ৰিল

You might also like