নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অতুল্য বৈভৱ

‘What is your game plan?’ ভাৰতীয় ক্রিকেটত দুর্ভেদ্য ‘প্রাচীৰ’ ৰাহুল দ্রাৱিড়ৰ প্রশ্নৰ সন্মুখীন হোৱা বৈভৱে কৈছিল, ‘অগৰ হমে পেহলা মিলে তো পেহলাই উড়া দেংগে৷’ গেম প্লেন একেবাৰে স্বচ্ছ– প্রথম বলৰ পৰাই বলাৰক নির্দয় প্রহাৰ৷

লাগিলে তেওঁ বিশ্বত্রাস বুমৰাহ নহওক কিয়, সম্প্রতি আইপিএলত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূর্যবংশীয়ে মাত্র ১৪ বছৰ বয়সতে ক্রিকেট বিশ্বক চমক দিছে৷ বিহাৰৰ সমষ্টিপুৰৰ ‘বেবী বছ’ বৈভৱে আইপিএলত প্রথমটো বলতেই ছিক্স কোবাই বিস্ফোৰক আগমনৰ সংকেত দিছিল৷

এইবাৰ ১৫ বলতে দুবাৰ অর্ধশতক, ৩৫টা বলত শতক– বিচক্ষণ প্রতিভা৷ ১০ এপ্রিলত অষ্ট্রেলিয়াৰ আগশাৰীৰ বলাৰ জোশ হেজলউডৰ প্রথমটো বলত বাউণ্ডেৰী আৰু ক্রমাগত চাৰিটা বলত ১৮ ৰান কৰি আৰচিবিক দিশহাৰা কৰি দিয়ে৷ ভুবনেশ্বৰ কুমাৰৰ প্রথমটো বলতে চাৰি ৰানেৰে বৈভৱে দেখুৱাই দিয়ে যে কোনো বলাৰকে তেওঁ সমীহ নকৰে৷

২৬টা বলত ৭৮, অর্থাৎ ৩০০ ষ্ট্রাইক ৰেট৷ অকল্পনীয় এজন ১৫ বছৰীয়া কিশোৰৰ বাবে৷ আইপিএলৰ দৰে তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ খেলত বিশ্বৰ শীর্ষস্থানীয় বলাৰক ক্লাব পর্যায়ৰ বলাৰলৈ পর্যবসিত কৰিব পৰাটো এক কথাত অবিশ্বাস্য৷

এনে বেটিঙেই বৈভৱে কৰি আহিছে ধাৰাবাহিকভাৱে৷ ৰাজস্থান ৰয়েলছৰ হাই পাৰফৰমেঞ্চ ডিৰেক্টৰ জুবিন ভাৰুচাই বৈভৱৰ বাবে ১০ কোটি টকা সাজু কৰি থ’বলৈ কৈছিল৷ ৬ ফুটৰো অধিক উচ্চতাৰ আৰু ঘণ্টাত ১৫৫ কিলোমিটাৰ গতিত বল কৰিব পৰা বলাৰক যেতিয়া বৈভৱে অৱলীলাক্রমে বাউণ্ডেৰীৰ বাহিৰলৈ উৰুৱাই দিয়ে তেতিয়াই ৰাজস্থান ৰয়েলছত স্থান নিগাজি হ’ল৷

ৱেষ্ট ইণ্ডিজৰ ব্রায়ান লাৰাক আদর্শৰূপে গ্রহণ কৰা বৈভৱে ২০২৬ৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত হাৰাৰেত ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত মাত্র ৮০টা বলত ১৭৫ ৰান কৰি ভাৰতক চেম্পিয়ন কৰোৱাত অনবদ্য ভূমিকা গ্রহণ কৰিছিল৷

দুৰন্ত ইনিংছটোত আছিল ১৫টা চাৰি আৰু ১৫টা বিশাল ছয়৷ প্রতিযোগিতাখন ৪৩৯ ৰানেৰে সর্বাধিক ৰানো সংগ্রহ কৰে বৈভৱে৷ সমগ্র প্রতিযোগিতাত মুঠ ৩০ টা ছিক্সাৰেৰে বিস্ময় বালকে ডেৱাল্ড ব্রেভিছৰ ২২টা ছিক্সাৰৰ অভিলেখ ভংগ কৰে৷ অনূর্ধ্ব ১৯ বিশ্বকাপত অদমনীয় প্রদর্শনেৰে এইজন বিস্ফোৰক অপেনাৰে বিশ্ব ক্রিকেটত নিজৰ অস্তিত্ব ঘোষণা কৰে৷

বৈভৱৰ উত্থানৰ কাহিনী অসাধাৰণ৷ বিহাৰৰ সাধাৰণ পৰিয়ালৰ সন্তানটিয়ে ঘৰৰ চোতালত অনুশীলন কৰাৰে পৰা কঠোৰ পৰিশ্রমেৰে নিজকে তিলতিলকৈ গঢ়ি তুলিছে৷ ২০১১ চনৰ ২৭ মার্চত জন্মগ্রহণ কৰা বাঁওহতীয়া বৈভৱে ২০২৪ চনত ১২ বছৰ ৯ মাহ বয়সতে ৰঞ্জি ট্রফীত বিহাৰৰ ৰাজ্যিক দলত স্থান লাভ কৰে৷

২০২৪ চনৰ ডিচেম্বৰত ১৩ বছৰ বয়সত বিজয় হাজাৰে ট্রফী, ২০২৪ত নৱেম্বৰত টি–২০ খেলিবলৈ আৰম্ভ কৰা বৈভৱৰ আইপিএলত প্রথম মেচ ১৪ বছৰ বয়সতে ৰাজস্থান ৰয়েলছৰ হৈ ২০২৫ চনৰ ১৯ এপ্রিলত৷ একে বর্ষৰ ২৮ এপ্রিলত তেওঁ গুজৰাট টাইটানছৰ বিৰুদ্ধে মাথোঁ ৩৫টা বলতে দুর্দান্ত শতক অর্জন কৰে (৩৮ বলত ১০১ ৰান)৷ আইপিএল নিলাম ১ কোটি ১০ লাখ টকাত ক্রয় কৰা বৈভৱক সম্প্রতি ৰাষ্ট্রীয় দলত স্থান দিবলৈ আহ্বান জনাইছে প্রাক্তন খেলুৱৈসকলে৷

বিস্ময় বালকৰ পৰা দায়িত্বশীল বেটছমেনলৈ উত্তৰণ ঘটা বৈভৱৰ কাহিনী কেৱল অভিলেখৰ নহয়, অধ্যৱসায়ৰো৷ ৪ বছৰ বয়সতে পিতৃ সঞ্জীৱ সূর্যবংশীয়ে ঘৰৰ চোতালতে প্রস্তুত কৰা পিটচত বেট ধৰি ৮ বছৰ বয়সতে নিতৌ ১০০ কিলোমিটাৰ নিলগৰ পাটনাত কোচ মনীষ ওঝাৰ ওচৰত অনুশীলন৷ এই অক্লান্ত শ্রমেই কণমানি খেলুৱৈগৰাকীক আজিৰ বৈভৱ ৰূপে পৰিচিতি প্রদান কৰিছে৷

ৰঞ্জি অভিষেক, আইপিএল নিলাম প্রত্যেক ঢ়াপতে তেওঁ বয়সৰ পৰিধি ভংগ কৰিছে৷ বৈভৱৰ বয়সক লৈ বিতর্ক অব্যাহত থাকিলেও মহম্মদ কাইফৰ দৰে পুৰণি প্রজন্মৰ ক্রিকেটাৰেও কৈছে– ‘কম বয়সতে ইমান প্রচাৰ সঠিক নহয়৷’ এবছৰৰ পিছতে তেওঁ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ‘ল’ৰাটো পৰৱর্তী পর্যায়ৰ বাবে প্রস্তুত৷’ অম্বাতি ৰায়ুডুৱে অৱশ্যে সকীয়াই দিছিল ভাৰত এতিয়া টি–২০ বিশ্ব চেম্পিয়ন, সেই দলত স্থান পোৱাটো সহজ নহয়৷’ প্রতিভাক লালন–পালন কৰিব নে খৰখেদা কৰি আয়ুস কমাই দিব এই দ্বন্দ্বই অহৰহ ক্রিয়া কৰে৷

ঘৰুৱা, এ দল আৰু ছিনিয়ৰ ক্রিকেটত এনেদৰে আগবাঢ়িলে প্রতিভা দীর্ঘস্থায়ী হয়৷ পীয়ূষ চাওলাৰ ভাষাত– ‘যোৱা এবছৰে য’তেই খেলিছে, বৃহৎ শতক কৰিছে৷’ ধাৰাবাহিকতা আছে, ইয়াৰ স্থায়িত্ব দৰকাৰ৷ ডব্লিউ ভি ৰমনৰ মতে বৈভৱৰ আলোড়নকাৰী প্রতিভাই বিশ্বক চমক খুৱাব৷ শচীন তেণ্ডুলকাৰৰ ভাষ্য অনুসৰি বৈভৱৰ নির্ভয় বেটিং, বেটৰ গতি, বলৰ লেংথ আগতীয়াকৈ বুজি পোৱা আৰু বলৰ পিছত শক্তি সঞ্চালন স্থানান্তৰ কৰা ক্ষমতাৰ বাবে এনে দুর্দমনীয় প্রদর্শন সম্ভৱ হৈছে৷

দৰাচলতে বৈভৱ ‘ মিৰাকল’ নহয় এয়া হ’ল নেৰানেপেৰা প্রচেষ্টা আৰু ছিষ্টেমৰ ফল৷ ‘নেক্সট বিগ থিং’ কৰাৰ বাবে খৰখেদা নকৰি সঠিকভাৱে আগুৱাই লৈ গ’লে ভাৰতীয় ক্রিকেটত অমূল্য ৰত্ন সংযোজন হ’ব৷ অনিল কুম্বলেৰ পৰা সঞ্জু ছেমছনলৈ আটায়ে তেওঁৰ প্রশংসাত পঞ্চমুখ৷

কুম্বলেই কৈছে– ‘বৈভৱে ইতিমধ্যে নির্বাচক সমিতিৰ দৃষ্টি আকর্ষণ কৰিছে আৰু শীঘ্রেই ছিনিয়ৰ দলত স্থান লাভ কৰিব৷’ সঞ্জু ছেমছনৰ মতে– ‘দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব বিস্ময় বালকে৷ এটা কথালৈ মন কৰিব লাগিব ১৫ বছৰীয়া কিশোৰৰ কান্ধত হঠাৎ সমগ্র দেশৰ ক্রিকেট অনুৰাগীৰ প্রত্যাশা জাপি দিয়াটো উচিত নহ’ব৷’

বিচিচিআই আৰু ফ্রেঞ্চাইজীয়ে তেওঁৰ ৱর্কলোড, মানসিক স্বাস্থ্য আৰু পঢ়া–শুনাৰ দিশটোৰ প্রতিও মন দিয়া দৰকাৰ৷ বৈভৱ সম্প্রতি বিহাৰৰেই নহয়, সমগ্র দেশৰ প্রত্যন্ত অঞ্চলৰ শিশু, কিশোৰ–কিশোৰীৰ বাবে অনুপ্রেৰণাৰ অফুৰন্ত উৎস৷ সুযোগ পালেই প্রতিভাৰ বিকাশ হ’ব৷ অৱশ্যে ইয়াৰ লগতে কঠোৰ অনুশীলন আৰু সঠিক ব্যৱস্থাপনাৰ আৱশ্যক৷ বৈভৱক স্বাভাৱিক গতিত খেলিবলৈ দিয়াটোৱেই মংগলজনক, ক্রিকেট বিশ্বৰো এয়া একান্ত কাম্য৷

You might also like