নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী : গণেশগুৰি ৰাম মন্দিৰ প্ৰাংগণত ১০০০০ মাটিচাকি বিতৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কৃষক মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সহযোগত গণেশগুৰি ৰাম মন্দিৰ প্ৰাংগনত দীপাৱলী উপলক্ষে ৰাইজৰ মাজত দহ হেজাৰ মাটি চাকি বিতৰণ কৰা হয়। থলুৱা মৃৎ শিল্পীসকলক উদ্গনি জনোৱাৰ নিমিত্তে তথা নিজ দেশৰ মাটি নিজ ৰাজ্যৰ মাটিত উৎপাদিত মাটিৰ চাকিৰেহে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায় ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই। কৃষক মৰ্চাৰ মাটিচাকি বিতৰণ অকল গুৱাহাটীত নহয় সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ ৩৯খন সাংগঠনিক জিলাত অনুষ্ঠিত হয় আৰু সাধাৰণ লোকৰ মাজত মাটিৰ চাকি‌ বিতৰণ কৰে। কোনো ধৰণৰ প্ৰদূষণ নথকা মাটি আৰু সৰিয়হ তেলৰ চাকিৰ বহু পৰিমাণে মানৱ জাতিৰ বাবে উপকাৰী হয় বুলিও জানিব দিয়ে আজিৰ চাকি বিতৰণ অনুষ্ঠানৰ ৰাজ্যিক কৃষক মৰ্চা অসম প্ৰদেশ পৰিয়ালবৰ্গই। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্য, ৰাজ্যিক কৃষক মৰ্চাৰ তৰফৰ পৰা ভাস্কৰ জ্যোতি দাস, নিবাৰণ লহকৰ, অংকুৰ দত্ত, গৌতম দাস, প্ৰকাশ শইকীয়া, হৃষিকেশ কলিতা, দিব্যজ্যোতি বৰদলৈ, অসমী বৰা, ঈস্পিতা বৰুৱা আদি।

You might also like