নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ বংশৰত ভয়ংকৰ বাইক দুৰ্ঘটনা : থিতাতে নিহত ২

কামৰূপ জিলাৰ বংশৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে দুজন যুৱকৰ মৃত্যু ঘটে আৰু এজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, নিহত দুজন যুৱক ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়ন কলিতা। দুৰ্ঘটনাটোত আন এজন যুৱক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে, যদিও আহতজনৰ নাম এতিয়ালৈকে প্ৰকাশ পোৱা নাই।

দুৰ্ঘটনাৰ পাছতেই স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আহতজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহতজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল

You might also like