নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত একেনিশাই ১৪খন দোকানত চুৰি

নাওবৈচাত চোৰৰ চাফাই অভিযান চলোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে নিশাই ১৪খনকৈ দোকানত চোৰে লুটপাত চলোৱাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে, নাওবৈচাৰ দ’লহাট তিনিআলিত থকা ১৪খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নগত টকা, মোবাইল ফোন, ৱাইৰকে ধৰি কেইবা লক্ষাধিক টকাৰ বিভিন্ন সামগ্ৰী লৈ পলায় চোৰে। অতি কৌশলৰে টিনপাত কাটি নিশা প্ৰায় ১.৩০ মান বজাত চোৰে এই লুটপাত সংঘটিত কৰে।

উল্লেখযোগ্য যে, ঘটনাস্থলটো দ’লহাট আৰক্ষী চকীৰ পৰা মাত্ৰ প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত। এই একে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত প্ৰায় এমাহ পূৰ্বেও চুৰিৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পোৱাৰ পাছতেই দ’লহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে চোৰক সোনকালে কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল

You might also like