নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত নিশা পুনৰ চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে দুই শিক্ষকক

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: মেট্ৰিক পৰীক্ষা ৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত লখিমপুৰত ইজনৰ পাছত সিজনকৈ আৰক্ষী আৰু চিআইডিৰ জালত পৰিছে বহু কেইজন শিক্ষক। সোমবাৰে নিশা দুজন শিক্ষক সহ আন এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মঙলবাৰে নিশাও পুনৰ দুজন শিক্ষক ক গ্ৰেপ্তাৰ কৰে। সোমবাৰে ডফলা কটা জনজাতি হাইস্কুল ৰ প্ৰধান শিক্ষক পূর্ণ পেগু আৰু ঠিকা ভিত্তিক শিক্ষক জগন্নাথ পেগু সহ টুটু শৰ্মা নামৰ এজন লোকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। মঙলবাৰে ওৰে দিন সদৰ থানাত ধৃত কেইজনক চিআইডিয়ে জেৰা কৰাৰ পাছত তেওঁ লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা পুনৰ দুজন শিক্ষক ক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। যোৱা নিশা গ্ৰেপ্তাৰ কৰা শিক্ষক দুজন হল দুখন অপ্ৰাদেশিকৃত স্কুলৰ। তেওঁ লোক হল লিগিৰামূখ হাইস্কুল ৰ অনন্ত দলে আৰু খেৰকটা হাইস্কুল ৰ যতীন দলে। নিশাই তেওঁ লোকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰি পুৱতি নিশা গুৱাহাটী লৈ নিয়ে। এই দুজন শিক্ষক ৰ সৈতে এজন নাবালক ছাত্র কো চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। বুধবাৰে পূৱতি নিশা চিআইডিয়ে লখিমপুৰ ৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰিজন শিক্ষক, এজন সাধাৰণ লোক আৰু এজন ছাত্র সহ মুঠ ছজনক  লৈ গুৱাহাটী লৈ ৰাওণা  হয়। ইয়াৰ পূৰ্বে চিআইডিয়ে লুহিত খাবলু উচ্চ তৰ  মাধ্যমিক ৰ অধ্যক্ষ প্ৰণৱ দত্ত, ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক প্ৰসন্ন দাস আৰু কুমুদ ৰাজখোৱা সহ এজন নাবালক ছাত্র ক গ্ৰেপ্তাৰ কৰি নিছিল।জিলাখনৰ পৰা এই পৰ্যন্ত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত মুঠ দহ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে সাতজন শিক্ষক, দুজন ছাত্র আৰু এজন সাধাৰণ লোক। 
You might also like