নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত মহিলা কোষৰ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: “মহিলাসকল আজি পিছ পৰি থকা নাই ৷পুৰুষৰ সমানে মহিলাসকলেও বৰ্তমান আগবাঢ়ি আহি সমাজৰ উন্নতিৰ বাবে উঠি পৰি লাগিছে ৷ঘৰৰ সকলো কামৰ দায়িত্ব লৈও মহিলাসকলে সাহিত্য -সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে” ৷শিৱসাগৰৰ অগ্ৰণী শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ মহিলা কোষৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ “মণিকৰ্ণিকা” উন্মোচন কৰি এনেদৰে বক্তব্য আগবঢ়ায় বিশিষ্ট লেখিকা তথা শিৱসাগৰ লেখিকা সমাৰোহৰ সভানেত্ৰী শ্ৰীযুতা তৰুলতা গগৈয়ে ৷ উক্ত অনুষ্ঠানত শিৱসাগৰ লেখিকা সমাৰোহৰ ভালে কেইগৰাকী বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ,কৰ্মচাৰী আৰু ভালেসংখ্যক ছাত্ৰছাত্ৰী উপস্থিত থাকে ৷অঞ্জুমণি চিৰিংফুকন আৰু টুটুমণি গগৈয়ে সম্পাদনা কৰা গ্ৰন্থখনিত নাৰী সবলীকৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰৱন্ধ প্ৰকাশ পায় ৷ মহিলা কোষৰ সম্পাদিকা টুটুমণি গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত অধ্যক্ষা শ্ৰীযুতা দিপালী নেওগ আৰু লেখিকা সমাৰোহৰ সম্পাদিকা শ্ৰীযুতা সুভদ্ৰা বৰা আৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা বনশ্ৰী বৰুৱাই দুআষাৰ বক্তব্য আগবঢ়ায় ৷ উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ মহিলা কোষে ইতিপূৰ্ব্বে ছাত্ৰীসকলৰ আত্মৰক্ষা প্ৰশিক্ষণ ,বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও স্হানীয় মহিলা সকলক লৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি সজাগতা প্ৰদান কৰি আহিছে ৷

You might also like