নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ জানুৱাৰীত নেলীত ট্ৰাইবেল সংঘৰ ৩৮সংখ্যক বাৰ্ষিক অধিৱেশন, উপস্থিত থাকিব মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ অসমৰ ভূমিপুত্ৰসকলৰ অন্যতম তিৱা জনগোষ্ঠীৰ সংঘবদ্ধ সংগঠন সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮সংখ্যক বাৰ্ষিক অধিৱেশনখন চলিত বৰ্ষৰ অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক আয়োজন চলিছে।

মৰিগাঁও জিলাৰ নেলীৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উত্তৰ দিশৰ মকৰীয়া পথাৰত অনুষ্ঠিত হ’ব লগা এই অধিৱেশনৰ বাবে ইতিমধ্যে সাজু কৰি তুলিছে বৃহৎ পেণ্ডেল। বিশিষ্ট সমাজকৰ্মী প্ৰয়াত গিৰিধৰ পাতৰ সমন্বয় ক্ষেত্ৰত আয়োজিত এই অধিবেশনক কেন্দ্ৰ কৰি তিৱা জনগোষ্ঠীয় পৰম্পৰা আৰু ঐতিহাসিক সমলে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে।

 অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ স্থানীয় জাগীৰোড সমষ্টিৰ  বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাক সভাপতি, ৰিমল আমচিক কাৰ্যকৰী সভাপতি আৰু প্ৰণৱজ্যোতি মছৰঙক সাধাৰণ সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰিছে। অধিৱেশনৰ মুঠ বাজেট প্ৰায় সত্তৰ লাখ টকা। সংঘৰ অন্তৰ্গত ৫২খন জিলাৰ পৰা পোন্ধৰশ প্ৰতিনিধি আৰু ৫০০ পৰ্যবেক্ষকসহ মুঠ ২০০০ প্ৰতিনিধি উপস্থিত থাকিব।

ইয়াৰ লগতে অধিৱেশনস্থলীত ১১২টা প্ৰদৰ্শনী ষ্টলত থাকিব তিৱাসকলৰ পৰম্পৰাগত ঐতিহাসিক সংস্কৃতিৰ ধ্বজ্জাবাহক সাজপাৰ, আচবাব আৰু সমল। তদুপৰি গিৰিধৰ পাতৰৰ সোঁৱৰণীত অধিৱেশনস্থলী মূল মণ্ডপ; শ্বহীদ হেমৰাম পাতৰৰ সোঁৱৰণত মূল প্ৰৱেশদ্বাৰ; কালিৰাম ডেকাৰজাৰ সোঁৱৰণত প্ৰতিনিধি শিবিৰ; জননেতা প্ৰয়াত ভীমবৰ দেউৰী সোঁৱৰণত প্ৰতিনিধি আশ্ৰয় গৃহ; তিৱা সংগ্ৰামী নেতা প্ৰয়াত বকুল চন্দ্ৰ চাগ্ৰাৰ সোঁৱৰণত ভোজনালয় গৃহ আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পিতৃ তথা বিশিষ্ট সমাজকৰ্মী প্ৰয়াত শিশুৰাম হাজৰিকাৰ সোঁৱৰণত  মুকলি সভাগৃহ আৰু ব্ৰহ্মানন্দ বৰাৰ সোঁৱৰণত প্ৰদৰ্শনী গৃহ নামকৰণেৰে নিৰ্মাণ কৰিছে।

অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে উপস্থিত থাকিব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস, মন্ত্ৰী পীযূষ হাজৰিকা, সদৌ ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল, ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় উপসভাপতি নন্দেশ্বৰ ৰেগন, শিক্ষাবিদ মনেশ্বৰ দেউৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশিষ্ট শিক্ষাবিদ ড৹ উপেন ৰাভা হাকাচাম, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিশিষ্ট সমাজকৰ্মী, শিল্পী চন্দ্ৰকান্ত তেৰং আদি।

 সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমন্ত্ৰিত অতিথি ডাঃ ৰণোজ পেগু; বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিশিষ অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাউৱান মেইন।

ইয়াৰ লগতে সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব বিধায়ক ভুবন পেগু; অতুল বৰা,ৰমাকান্ত দেউৰী; ডিম্বেশ্বৰ দাস; মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েংগীয়া; ৰাভা কাউন্সিলৰ চীফ টংকেশ্বৰ ৰাভা; ঠেঙাল-কছাৰী কাউন্সিলৰ চীফ কুমুদ কছাৰী; সোণোৱাল-কছাৰী কাউন্সিলৰ চীফ দীপুৰঞ্জন মাক্ৰাৰী আৰু দেউৰী কাউন্সিলৰ চীফ মাধৱ দেউৰী উপস্থিত থাকিব।

লগতে নিমন্ত্ৰিত অতিথি হিচাপে সদৌ বড়ো; ৰাভা; মিচিং; তিৱা; সোণোৱাল কছাৰী; হাজং ; দেউৰী; কাৰ্বি; ডিমাছা; গাৰো; ঠেঙাল-কছাৰী; মদাহী-কছাৰী; শৰণীয়া-কছাৰী; বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ সভাপতিসকল উপস্থিত থাকিব।

সন্ধিয়া পাঁচ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া স্বৰ্গীয় ইন্দ্ৰচিং দেউৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই।

You might also like