নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জে’লৰ ৪ কাৰাবন্দীৰ পলায়ন

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যৰ লগতে ওদালগুৰিতো আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলাৰ সময়তে ওদালগুৰিৰ জিলা কাৰাগাৰত সংঘটিত হ’ল এক অঘটন৷ নিশা জিলা কাৰাগাৰৰ কোৱাৰেণ্টাইন কক্ষৰ ভেণ্টিলেচন ভাঙি পলায়ন কৰে চাৰি হাজোতীয়ে৷ নিশা বৰষুণৰ সুযোগ লৈ জিলা কাৰাগাৰৰ কোৱাৰেণ্টাইন কেন্দ্রটোৰ ভেণ্টিলেচন ভাঙি পলায়ন কৰে চাৰি অপৰাধীয়ে৷ উল্লেখ্য যে ক’ৰোনাৰ পৰিপ্রেক্ষিতত নতুনকৈ জে’ললৈ প্রেৰণ কৰা কয়দীসকলক জে’লৰ চোহদত নির্মাণ কৰা এটি আৱাসত পৃথককৈ কোৱাৰেণ্টাইন কেন্দ্র হিচাপে গঢ় দি তাতেই হাজোতীসকলক ৰখাৰ ব্যৱস্থা কৰিছিল ওদালগুৰি জে’ল কর্তৃপক্ষই৷ কিন্তু নিশা বৰষুণৰ সুযোগত চাৰি অপৰাধীয়ে কাৰাগাৰৰ কোৱাৰেণ্টাইন কেন্দ্রৰ ভেণ্টিলেচনৰ আইনা ভাঙি পলায়ন কৰাৰ পিছত জে’ল কর্তৃপক্ষৰ লগতে ওদালগুৰি আৰক্ষীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীকেইজন হ’ল– দৰং জিলাৰ শ্যামপুৰ গাঁৱৰ জফিৰ আলীৰ পুত্র মফিদুল ইছলাম (২১) আৰু কামৰূপ জিলা সোণাপুৰৰ আব্দুল ৰছিদৰ পুত্র কুদ্দুচ আলী (২০)৷ অবৈধ গৰু সৰবৰাহ সংক্রান্তত ওদালগুৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ আৰু ডব্লিউ ছেকচন ২৪ৰ অধীনত ৰুজু হোৱা ১৬০–২০ নম্বৰৰ গোচৰত এই দুয়োজনকে ওদালগুৰি আৰক্ষীয়ে যোৱা ১৮ জুলাইত গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছিল৷ ওদালগুৰি জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা আন দুজন হাজোতী হ’ল– ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তর্গত ২নং ওদালগুৰি জংঘল গাঁৱৰ মকবুল হুছেইনৰ পুত্র মহম্মদ কাজি উদ্দিন (২১) আৰু মহম্মদ হাজি উদ্দিন (২৪)৷ কাজি উদ্দিন আৰু হাজি উদ্দিন নামৰ দুয়ো ভাতৃক ওৰাঙৰ কেইবা ঠাইত সংঘটিত চুৰি সংক্রান্তীয় তিনিটাকৈ গোচৰত যোৱা ২৩ জুলাইত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছিল৷ গুৰুত্বপূর্ণ কথা যে ইয়াৰে হাজি উদ্দিন নামৰ যুৱকনে ইয়াৰ পূর্বেও শিলবডি থানাৰ পৰা পলায়ন কৰিছিল৷ ওদালগুৰি জিলা কাৰাগাৰৰ কোৱাৰেণ্টাইন কক্ষৰ পৰা চাৰিজনকৈ হাজোতীয়ে পলায়ন কৰা ঘটনাৰ খবৰ পোৱাৰ পিছতেই ওদালগুৰিৰ জিলা উপায়ুক্ত প্রকাশ ৰঞ্জন ঘৰফলীয়া আৰু ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসসহ উচ্চপদস্থ বিষয়াসকল জিলা কাৰাগাৰত উপস্থিত হৈ ঘটনাস্থলী পৰিদর্শন কৰি ঘটনাৰ বুজ লোৱাৰ লগতে পলাতক অপৰাধীকেইজনক আটক কৰিবলৈ অভিযান তীব্রতৰ কৰিবলৈ নির্দেশ প্রদান কৰে৷

অৱশ্যে জিলা কাৰাগাৰৰ পৰা হাজোতীয়ে পলায়ন কৰা ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতে ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই দৰং জিলাৰ ২নং শ্যামাপুৰ গাঁওস্থিত নিজ ঘৰৰ পৰা মফিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয়৷ আন তিনিটা অপৰাধীকো আটক কৰিবলৈ আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে৷

You might also like