নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্লাৰত অনৈতিক কার্যঃ শিলচৰত ৪ যুৱক–যুৱতীসহ আটক ৭

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰঃ শিলচৰৰ গোলদিঘী মলৰ দুখন স্পা পার্লাৰত আৰক্ষীয়ে অভিযান চলাই দুই যুৱক আৰু দুই যুৱতীসহ সাতজন লোকক আটক কৰিছে৷ অভিযোগ মতে শিলচৰ চহৰৰ মাজমজিয়াত থকা গোলদিঘী মলৰ তলৰ মহলাত আৰ এন হেভেন নামৰ স্পা পার্লাৰত বহুদিনৰ পৰাই অবৈধ দেহ চলি আছিল৷ স্থানীয় ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত সন্ধিয়া শিলচৰ সদৰ আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায় চলাই অহা এটা দলক আটক কৰিবলৈ সক্ষম হয়৷

লগতে পঢ়কঃ দ্বিতীয়বাৰ মাতৃ হোৱাৰ পূৰ্বে মোহময়ী অভিনেত্ৰী কৰিনাৰ ফটোশ্বুট

পিছত ভিএলচিচি নামৰ আন এখন পার্লাৰত অভিযান চলায় আৰক্ষীয়ে৷ এই পার্লাৰৰ পৰা এগৰাকী যুৱতীসহ যুৱক আটক কৰি সদৰ আৰক্ষী চকীলৈ লৈ আহে৷ আৰক্ষীয়ে স্পা পার্লাৰত অভিযান চলাই বহু আপত্তিকৰ সামগ্রী উদ্ধাৰ কৰে৷ সদৰ থানাৰ অ’চি দীতুমণি গোস্বামীয়ে কয়, আৰ এন হেভেন স্পা এণ্ড পার্লাৰত দুই যুৱক–যুৱতীক আপত্তিজনক অৱস্থাত পোৱা যায়৷ তথাপি সন্দেহজনকভাৱে যুৱক–যুৱতী আৰু প্রতিষ্ঠানৰ মহিলা স্বত্বাধিকাৰীক সোধা–পোছাৰ বাবে থানালৈ অনা হৈছে৷

You might also like