নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ৬৯গৰাকী ক’ভিড পজিটিভ চিনাক্ত

অইল ঔদ‍্যোগিক এলেকাত স্বাস্থ্য বিভাগৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: দুলীয়াজান চহৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা । আজি টেঙাখাট খণ্ড চৰকাৰী প্ৰাথমিক স্বাস্হ‍্য বিভাগৰ ৪ জনীয়া সদস‍্যৰে মুঠ ৫ টা দলত বিভক্ত হৈ চহৰখনত ব‍্যক্তিৰ ৰেপিড এন্টিজেন টেষ্ট কৰে । ইয়াৰে স্বাস্হ‍্যকৰ্মীৰ এটা দলে দুলীয়াজান মধ‍্যজালনী প্ৰাথমিক বিদ‍্যালয়ত আৰু ৪ টা দলে অইল ইণ্ডিয়াৰ ঔদ‍্যোগিক এলেকাত ক’ভিড পৰীক্ষণ কৰে ।
আজিৰ দিনটোত মুঠ ৮২০ গৰাকী ব‍্যক্তিৰ ভিতৰত ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল অনুসৰি ক’ভিড পজিটিভৰ সংখ্যা সৰ্বাধিক ৬৯ গৰাকী বুলি স্বাস্হ‍্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে ।

You might also like