নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনৰ বুঢ়ীদিহিং নৈত সলিল সমাধি ঘটি সন্ধানহীন হোৱা দুগৰাকী কিশোৰীৰ মাজৰ এগৰাকী কিশোৰী মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ- তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীদিহিং নদীৰ অৰুণাচল ঘাটত যোৱা এঘাৰ তাৰিখে গা ধুবলৈ গৈ নদী খনত সলিল সমাধি ঘটি সন্ধানহীন হৈ থকা কিশোৰী দুগৰাকীৰ মাজৰে এগৰাকীৰ মৃতদেহ কালি সন্ধ্যা উদ্ধাৰ হোৱাৰ বাতৰি পোৱা গৈছে। ঘটনাস্থলীৰ পৰা কেইবা কিলোমিটাৰ দূৰৈৰ সৰ্বোদয় নামৰ ঘাটটোৰ সমীপত উদ্ধাৰ হয় কিশোৰী গৰাকীৰ ।মৃতদেহৰ ৰূপত উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ নাম জেৰীনা ময়ং( ৬) বুলি জানিব পৰা গৈছে। এচ ডি আৰ এফৰ দলে কালি অভিযান চলাই কিশোৰী গৰাকীক ঘটনা স্থলীৰ পৰা প্ৰায় সাত কিলোমিটাৰ আঁতৰৰ সৰ্বোদয় ঘাটত বালিচৰত লাগি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে বুঢ়ীদিহিং নদীৰ আৰুণাচল ঘাটত গা ধুই থকা অৱস্থাতত একেলগে সলিল সমাধি ঘটা অন্য গৰাকী কিশোৰী ৰাণী পাটিৰৰ (৮) সন্ধান লভিবলৈ অদ্যপৰিমিত সক্ষম হোৱা নাই । এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই জাগুন অঞ্চলত শোঁ‌কৰ ছাঁ‌ পৰিছে। অন্যহাতে ৰাণী পাটিৰক উদ্ধাৰ বাবে আজিওঁ‌ খৰশ্ৰুতা নদীখনৰ বিভিন্ন স্থানত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলায় ।

You might also like