নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিষদীয় নির্বাচন পর্যন্ত বিটিচিত চলিব ৰাজ্যপালৰ শাসন

বিটিআৰৰ বিৰুদ্ধে হওঁক গণভোটঃ সাংসদ নৱ শৰণীয়া

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  বিটিচিত পুনৰ ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন পূর্বৰ বিটিচি পৰিষদৰ কার্যকাল উকলাৰ পৰিপ্রেক্ষিতত যোৱা ২৭ এপ্রিলৰ পৰা ছমাহৰ বাবে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হৈছিল৷ সেই অনুসৰি আজি ৰাজ্যপালৰ শাসনৰ প্রথম ছমহীয়া কার্যকালৰ অন্ত পৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিটিচি নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত অঞ্চলটোত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে ইতিমধ্যে অসম মন্ত্রীসভাৰ মন্ত্রী মণ্ডলীৰ বৈঠকে অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নির্বাচন সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক নির্বাচন আয়োগক যাৱতীয় পদক্ষেপ হাতত ল’বলৈ কোৱা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে আজি চৰকাৰৰ তৰফৰ পৰা বিটিচি নির্বাচন সম্পূর্ণ নোহোৱা পর্যন্ত অঞ্চলটোত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হয়৷
বিটিচিত ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিক প্রত্যাহ্বান জনাই হাইক’ৰ্টত গোচৰ
বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ এই সন্দর্ভত মৃদুল কুমাৰ দাস আৰু আন তিনিগৰাকী ব্যক্তিয়ে দাখিল কৰা লেখ আবেদন অনুসৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১৬ (৩) দফা ভংগ কৰি ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ সেয়েহে ৪৫৪৬/২০২০ নম্বৰৰ লেখ আবেদনৰ জৰিয়তে যাৱতীয় নির্দেশনা দিবলৈ উচ্চ ন্যায়ালয়ত আবেদনকাৰীয়ে প্রার্থনা জনাইছে৷ আজি এই গোচৰটোৰ শুনানি অনুষ্ঠিত হয়৷ এই শুনানিকালত চৰকাৰী পক্ষই ন্যায়ালয়ক অৱগত কৰে যে ইতিমধ্যে ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিৰ বাবে যাৱতীয় অধিসূচনা জাৰি কৰা হৈছে৷ সেয়েহে এই সন্দর্ভত উত্তৰ প্রদান কৰিবলৈ তেওঁলোকে সময় বিচাৰে৷ উল্লেখ্য যে ২৭ এপ্রিলত বিটিচিৰ বিধানসভা পৰিষদৰ কার্যকাল অন্ত পৰিছে৷ সেয়েহে সেই সময়ত বিটিচিত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছিল৷ মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে আয়োগে নির্বাচনী অধিসূচনা জাৰি কৰে৷ কিন্তু সেই সময়ত ক’ৰোনা ভাইৰাছৰ সংক্রমণে ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাত সাময়িকভাৱে নির্বাচনী প্রক্রিয়া স্থগিত ৰখা হয়৷ যাৰ পৰিপ্রেক্ষিতত বিটিচিৰ বিধানসভা পৰিষদৰ কার্যকাল অন্ত পৰাত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ ছমাহৰ বাবে ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ সেই অনুসৰি কালি ৰাজ্যপালৰ শাসনৰ ম্যাদ উকলি যোৱাত পুনৰ আন এক অধিসূচনাযোগে ইয়াৰ ম্যাদ বৃদ্ধি কৰা হয়৷ ইয়াক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদনখনত উল্লেখ কৰা অনুসৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১৬ (২) দফা অনুসৰি ৰাজ্যপালে প্রথমবাৰৰ বাবে ছমাহৰ শাসন প্রৱর্তন কৰিব পাৰে৷ কিন্তু ৰাজ্যপালৰ শাসন প্রৱর্তনৰ ক্ষেত্রত প্রথম বিধানসভা অধিৱেশনত অনুমোদন জনোৱাটো নিয়ম৷ যোৱা ২৮ জুলাইত জাৰি কৰা অধিসূচনাৰ জৰিয়তে অসম বিধানসভাৰ অধিৱেশন যোৱা ৩১ আগষ্টৰ পৰা ৩ ছেপ্ঢেম্বৰলৈ অনুষ্ঠিত হয় যদিও অধিৱেশনৰ সময়ছোৱাত ৰাজ্যপালৰ শাসনৰ বাবে কোনোধৰণৰ অনুমোদন প্রদান কৰা নহ’ল৷ অর্থাৎ সাংবিধানিকভাৱে ৰাজ্যপালৰ শাসনৰ বাবে কোনো অনুমোদন লাভ নকৰিলে৷ যাৰ পৰিপ্রেক্ষিতত বিটিচিত ৰাজ্যপালৰ শাসন ২৯ ছেপ্ঢেম্বৰত অবৈধ হিচাপে পৰিগণিত হৈছে৷ সেয়েহে ৰাজ্যপালে গ্রহণ কৰা সকলো ধৰণৰ প্রশাসনিক সিদ্ধান্তও অবৈধ বুলি উল্লেখ কৰা হৈছে আবেদনখনত৷ আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই৷
বিটিআৰৰ বিৰুদ্ধে হওঁক গণভোটঃ সাংসদ নৱ শৰণীয়া
বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’ন অর্থাৎ বিটিআৰৰ বিৰুদ্ধে গণভোটৰ দাবী উত্থাপন কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ আজি অনুষ্ঠিত এখন সংবাদ মেলত সাংসদ শৰণীয়াই শেহতীয়াকৈ সম্পাদিত বিটিআৰ চুক্তিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে৷ একে সময়তে তেওঁ বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিৰ বিৰোধিতাৰ লগতে পৰিষদীয় নির্বাচন শীঘ্রে অনুষ্ঠিত কৰাৰো দাবী জনায়৷ তদুপৰি বিটিআৰত অসমীয়াক সহযোগী ভাষা কৰা সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত বাতিল তথা পুনৰ বিবেচনা কৰাৰো দাবী তোলে সাংসদ শৰণীয়াই৷ তেওঁ কয় যে ইউপিপিএলে বিভিন্ন স্থানত পৰিৱর্তন যাত্রা কৰাৰ বাতৰি আহিছে৷ কিন্তু এই পৰিৱর্তন যাত্রা মানে কি? হাগ্রামা মহিলাৰীৰ ঠাইত প্রমোদ বড়ো, তাত বাহিৰে একো নহয়৷ কাৰণ যদি বিটিচিত স্থায়ী শান্তি অনাৰ প্রমোদ বড়োৰ ইচ্ছা থাকিলেহেঁতেন তেন্তে বিটিআৰ চুক্তি কৰাৰ সময়ত অবড়োৰ বাবে এটা হ’লেও দফা ৰাখিলেহেঁতেন৷ কোচ ৰাজবংশীৰ পৰা সংখ্যালঘুলৈকে অবড়োৰ যিবোৰ জাতীয় দল–সংগঠন আছে, তেওঁলোকৰ সৈতে এবাৰ হ’লেও আলোচনা কৰিলেহেঁতেন৷ অন্ততঃ প্রমোদ বড়োৰ পৰা আমি সেইখিনি আশা কৰিছিলোঁ৷ জাতি–মাটি–ভেটিৰ কথা কোৱা বিজেপিৰ পৰাও আমি এই আশা কৰিছিলোঁ৷ সেই কাৰণে এতিয়া আমি কৈছোঁ– বিটিআৰৰ বিৰুদ্ধে গণভোট হওক৷ এইবাৰৰ নির্বাচন আমি বিটিআৰৰ বিৰুদ্ধে গণভোট বুলি ভাবিম৷ কাৰণ বিটিআৰেই পৰৱর্তী বড়োলেণ্ড৷ ইয়াত কোনো সন্দেহ নাই৷ আজি মিজোৰামে অসমীয়া লোকৰ ওপৰত আক্রমণ চলাইছে৷ অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয়তো একে অৱস্থা৷ যদি নৱ শৰণীয়া নোহোৱা হয় তেন্তে অহা ৫ বছৰ পিছত বিটিচিতো একেই অৱস্থা হ’ব৷ সাংসদ শৰণীয়াই বিপিএফ আৰু ইউপিপিএলক চোকা সমালোচনাৰে থকা–সৰকা কৰে৷ বিটিচিত ভূমিৰ সমস্যাই আটাইতকৈ ডাঙৰ সমস্যা বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিচিত থকা অবড়োসকলৰ ৯৯ শতাংশৰে মাটিৰ পট্টা নাই৷ অবড়োসকলে দখল কৰি থকা মাটি ভাৰত স্বাধীন হোৱাৰে পৰা নিজৰ নামত নহ’ল৷ ২০০৩ চনত বিটিচি চুক্তিকাৰীয়ে কৈছিল যে অবড়োসকলক সম্পত্তি অর্থাৎ মাটিৰ অধিকাৰ দিব৷ তাৰ কাৰণে এখন আইন প্রণয়ন কৰাৰ কথা আছিল৷ কিন্তু ২০১০ চনত চন্দন ব্রহ্মই গুৱাহাটী উচ্চ ন্যায়ালয়ত জনজাতীয় ব্লক–বেল্টৰ আইন প্রযোজ্য কৰাৰ আর্জি জনাই এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিলে৷ বিপিএফ আৰু ইউপিপিএলৰে বিজেপিৰ গোপন বুজাবুজি থকা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷ এই সন্দর্ভত তেওঁ কয় যে শেহতীয়াকৈ অনুষ্ঠিত সর্বদলীয় বৈঠকৰ পিছতে বিজেপি আৰু বিপিএফ ভিতৰুৱাকৈ এক আলোচনাত মিলিত হৈছিল৷ তেওঁলোকৰ ভিতৰুৱা বুজাবুজিত ঠিকে আছে৷ কেৱল বাহিৰত ৰাইজক দেখুৱাই নাটক কৰি থাকিব৷ হয়তো এই নাটকখন ২০২১ চনলৈ অব্যাহত থাকিব৷ প্রকৃততে বিপিএফ–ইউপিপিএলৰ কাজিয়া আদর্শগত নহয়৷ তেওঁলোকৰ কাজিয়া হৈছে চকীখনক লৈ৷ ইয়াৰে সুবিধাটো লৈছে বিজেপিয়ে৷ বিজেপিয়ে হয়তো কৈছে ২০২১লৈ প্রমোদ বড়ো বিটিচিৰ মুখ্য কার্যবাহী সদস্য হৈ থাকিব৷ তাৰ পিছত হাগ্রামা মহিলাৰী আহিব৷ লক্ষণীয়ভাৱে বিটিচি নির্বাচনৰ ঠিক আশে–পাশে কংগ্রেছে হাগ্রামা মহিলাৰীক বিটিচিৰ মুখ্য কার্যবাহী সদস্যৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিব পাৰে বুলিও তেওঁ আন এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷ বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধিতা কৰি তেওঁ কয় যে ৰাজ্যপালৰ শাসনৰ ম্যাদ যাতে এদিনো বৃদ্ধি নকৰে, তাৰ বাবে আমি ইতিপূর্বেই দাবী জনাইছিলোঁ৷ কিন্তু ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হ’ল৷ অৱশ্যে ১৫ ডিচেম্বৰৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে৷ কিন্তু বিহাৰত প্রধানমন্ত্রী, মুখ্যমন্ত্রীকে ধৰি বিৰোধী দলৰ নেতাসকলে নির্বাচনী প্রচাৰ চলাইছে৷ আমি সেয়া অসহায়ভাৱে প্রত্যক্ষ কৰিছোঁ৷ ৰাজনীতিকসকলে বিশেষকৈ যিসকলে চৰকাৰ চলাই আছে তেওঁলোকে ৰাজনৈতিক স্বার্থতে বিটিচি নির্বাচন অনুষ্ঠিত কৰা নাই৷ কাৰণ আজিৰ তাৰিখত নির্বাচন অনুষ্ঠিত হ’লে গণ সুৰক্ষা পার্টীৰ প্রার্থীসকল জয়ী হ’ব৷ এইক্ষেত্রত তেওঁ ৰাজ্যিক নির্বাচন আয়োগক চোকা সমালোচনা কৰে৷ তেওঁ কয় যে ৰাজ্যিক নির্বাচন আয়োগক আমি গৰিহণা–ধিক্কাৰ দিছোঁ৷ নির্বাচন আয়োগ এটা স্বায়ত্তশাসিত সংস্থা৷ আমি আশা কৰিছিলোঁ নির্বাচন আয়োগে সঠিক সিদ্ধান্ত ল’ব৷ কিন্তু তেওঁলোকে চৰকাৰৰ নির্দেশত চলি আছে৷ ইফালে, বিটিচিত অসমীয়াক সহযোগী ভাষা কৰা সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সাংসদ শৰণীয়াই কয় যে বিটিচিত বড়োক মুখ্য ভাষা কৰক৷ তাত আমাৰ ক’বলগীয়া নাই৷ কিন্তু অসমীয়াক সহযোগী ভাষা কৰাত আমাৰ আপত্তি আছে৷ যদি এই সিদ্ধান্ত বাতিল তথা পুনৰ বিবেচনা নকৰে, তেন্তে বিষয়টো আমি সমগ্র অসমলৈ লৈ যাম৷ বিটিচি নির্বাচনক ধর্ম–ন্যায়ৰ যুঁজ ৰূপে অভিহিত কৰি নৱেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা গণ সুৰক্ষা পার্টীয়ে গাঁও চলো, গণ সত্যাগ্রহ, গণ প্রতিবাদ আদি কার্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ সদৰী কৰে৷

You might also like