আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজতে মাথোঁ কেইটামান দিন থকাৰ সময়তে সলনি হ’ব ধৰিছে নিৰ্বাচনী প্ৰেক্ষাপট। ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে বিপুল ভোটত ব্যৱধানত বিজয়ী হৈছিল। কাৰাৰুদ্ধ অখিল গগৈয়ে শিৱসাগৰৰ গৰিষ্ঠ সংখ্যক ভোটাৰ ৰাইজৰ আবেগিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
আনকি নিৰ্বাচনত অখিল গগৈৰ বৃদ্ধ মাতৃ আৰু নাবালক পুত্ৰয়ো কাৰাৰুদ্ধ অখিল গগৈক ৰাইজে ভোট দি জয়যুক্ত কৰিলে কাৰামুক্ত হ’ব বুলি এক আবেগৰ সৃষ্টি কৰিছিল। আন এক উল্লেখযোগ্য দিশ আছিল, ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষ নেতা প্ৰনৱজিৎ চলিহা ওৰফে ৰমু চলিহাই জন্ম দিয়া জাতীয় ঐক্য মঞ্চৰ কৰ্মীসকলক অসুস্থ শৰীৰে অখিল গগৈক ভোটদান কৰিবলৈ আহ্বান জনাইছিল।
বিশিষ্ট অধিবক্তা নেকিবুৰ জামান আৰু জেষ্ঠ সাংবাদিক হাইদৰ হুছেইনৰ দৰে ব্যক্তি শিৱসাগৰলৈ আহি অখিল গগৈক ভোটদানৰ কথা কৈছিল। এনেবোৰ কাৰণতে শিৱসাগৰবাসী ৰাইজে অখিল গগৈৰ সপক্ষে ভোটদান কৰাত বিজেপি দলৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰী অখিল গগৈৰ হাতত পৰাস্ত হৈছিল।
ইয়াৰোপৰি শৃংখল চলিহা, চিতু বৰুৱা, দেৱজিৎ দত্ত, মহেন্দ্ৰ দিহিঙ্গীয়াকে ধৰি জাতীয় জনগোষ্ঠীয় সংগঠনৰ একাংশ আগশাৰীৰ নেতাইয়ো অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত জঁপিয়াই পৰিছিল। এইবাৰৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে অখিল গগৈ পুনৰ শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
কিন্তু এইবাৰৰ কথা কিছু সুকীয়া। নিমাত উল্লিখিত সংগঠনৰ নেতাসকল। আবেগ সৃষ্টি কৰিব পৰা তেনে কোনো বিষয়ো উপস্থাপন কৰা পৰিলক্ষিত হোৱা নাই। অগপ বিজেপি মিত্ৰজোঁটৰ তৰফৰ পৰা অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আৰু বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে বন্ধুত্বমুলকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
এইবাৰৰ ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,০৯৯৭৬ গৰাকী। ইয়াৰে ১,০৩৪৮৫ গৰাকী পুৰুষ ভোটাৰ, ১,০৬৪৯১গৰাকী মহিলা ভোটাৰ আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। ৯৬নং শিৱসাগৰ বিধানসভা সমষ্টিত অগপৰ প্ৰদীপ হাজৰিকা, বিজেপিৰ কুশল দুৱৰী, ৰাইজৰ দলৰ অখিল গগৈ, আম আদমী পাৰ্টীৰ তপন গগৈ, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ড০ ভবেন্দ্ৰ নাথ মহন, হেমন্ত বৰুৱা, ৰাজকুমাৰ দুৱৰা, ৰূপক ভুঞা আৰু চি পি আইৰ মদন বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
কিন্তু আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা চি পি আইৰ প্ৰাৰ্থী মদন বৰুৱাই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাটো উল্লেখযোগ্য। ইয়াৰ কাৰণ তেওঁ সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই। গতিকে মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হ’ল। অগপ আৰু বিজেপিৰ মিত্ৰতা হোৱাৰ পিছতো শিৱসাগৰ বিধানসভা সমষ্টিত অগপ আৰু বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ বিপৰীতে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ শেহতীয়াকৈ মিত্ৰতা হোৱাত কংগ্ৰেছ দলে শিৱসাগৰত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ নকৰি অখিল গগৈক সমৰ্থন আগবঢ়াইছে।
অসম জাতীয় পৰিষদেও অখিল গগৈৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। অখিল গগৈৰ বাবে জয়লাভৰ পথ পূৰ্বৰ দৰে মসৃণ হৈ থকাও নাই। কাৰণ অখিল গগৈৰ সমৰ্থনত থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ এটা বৃহৎ অংশ নৱগঠিত ডিমৌ সমষ্টিত এইবাৰ অন্তভুক্ত হৈছে। পূৰ্বে অখিল গগৈক সপক্ষে নিৰ্বাচনত অংশগ্ৰহণ কৰা গৰিষ্ঠসংখ্যক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বও এতিয়া অখিল গগৈৰ সৈতে নাই।
অখিল গগৈক সহযোগিতা কৰা একাংশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই এইবাৰ পাকে-প্ৰকাৰে অখিল গগৈৰ বিৰুদ্ধাচৰণ কৰাহে পৰিলক্ষিত হৈছে। ইয়াৰোপৰি বিগত পঞ্চায়ত নিৰ্বাচনতো নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাইজৰ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল। তাৰ বিপৰীতে বিজেপি দলেহে পঞ্চায়ত নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। শিৱসাগৰৰ বিধানসভা সমষ্টিৰ মুঠ ২৭ খন পঞ্চায়তৰ ভিতৰত ২৫ খন পঞ্চায়ত আৰু ৪ খনকৈ জিলা পৰিষদ বৰ্তমান বিজেপিৰ দখলত আছে।
বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ ১৩খন পঞ্চায়ত নতুনকৈ শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছিল। শিৱসাগৰৰ মুঠ ভোটাৰৰ ভিতৰত ৮০,১৮৫গৰাকী ভোটাৰ থকা ১৩ খন পঞ্চায়তত কেৱল বিজেপি আৰু অগপৰ সমৰ্থিত ভোটাৰ আছে বুলি জানিব পৰা গৈছে।
বৰ্তমান ৰাইজৰ দল আৰু অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে বাকযুদ্ধ আৰু বিস্ফোৰক অভিযোগ কৰাতহে ব্যস্ত থকা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আৰু বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে বন্ধুত্বমুলক প্ৰতিদ্বন্দ্বিতাৰ ধৰ্ম ৰক্ষা কৰি নিজস্ব শক্তিৰে সমগ্ৰ শিৱসাগৰ বিধানসভা সমষ্টিত দিনে নিশাই দৈনিক ১০খনৰো অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মাৰাথন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
তেনেদৰে ৰাইজৰ দল ত্যাগ কৰি এইবাৰৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা ড০ ভবেন্দ্ৰ নাথ মহন, ৰূপক ভুঞাৰ দৰে প্ৰাৰ্থীয়েও বিভিন্ন অঞ্চলত প্ৰচাৰ চলোৱা দেখা গৈছে। যি কি নহওক এইবাৰৰ শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ ৰাইজৰ দলৰ অখিল গগৈ, বিজেপিৰ কুশল দুৱৰী আৰু অগপৰ প্ৰদীপ হাজৰিকাৰ দৰে তিনিগৰাকী শক্তিশালী প্ৰাৰ্থীৰ মাজতে সীমাবদ্ধ থাকিব, এয়া নিশ্চিত।
এই তিনিওগৰাকী শক্তিশালী প্ৰাৰ্থীৰ ভিতৰত কোনগৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰে তাৰ বাবে আমি ৰ’ব লাগিব ফলাফল ঘোষণাৰ দিনটোলৈ।
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২৬ মাৰ্চ