নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২,০৪,৪৪১ ভোটদাতাই নিৰ্ণয় কৰিব টিহু সমষ্টিৰ প্ৰথমগৰাকী বিধায়কৰ ভাগ্য

অহা ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত পূৰ্বৰ ধৰ্মপুৰ, বৰমা আৰু পাটাছাৰকুছি সমষ্টিৰ পৰা এইবাৰ নতুনকৈ গঠন হোৱা ৪০নং টিহু বিধানসভা সমষ্টিত মুঠ ২৬৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ (ইয়াৰে ১৫টা মহিলা কেন্দ্ৰ আৰু এটা মডেল ভোটকেন্দ্ৰ)ৰ সৰ্বমুঠ ২,০৪,৪৪১ গৰাকী (পুৰুষ ভোটাৰ- ১,০৪,৭১৫ আৰু মহিলা ভোটাৰ- ৯৯,৭২৫ গৰাকী আৰু তৃতীয় লিংগৰ এগৰাকী) ভোটাৰে  নিৰ্ণয় কৰিব পাঁচগৰাকী প্ৰাৰ্থীৰ ভাগ্য৷নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে সমষ্টিটোত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ৷

সমষ্টিটোত বিগত ১৯৮৫ চনৰ পৰাই নিৰ্বাচন খেলি অহা তথা পূৰ্বৰ লগতে বৰ্তমানেও শাসকীয় বিজেপি দলৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত গুৰুত্বপূৰ্ণ বিভাগত মন্ত্ৰীত্ব লাভ কৰি সমষ্টিবাসীক গৌৰৱান্বিত কৰা প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰো আকৌ বিজেপি দলে নৱগঠিত টিহু সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব দিছে৷ইয়াৰ বিপৰীতে কংগ্ৰেছ দ’লে প্ৰাৰ্থীত্ব আগবঢ়াইছে বিগত বিধানসভা নিৰ্বাচনত ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত পৰাজিত হোৱা তথা সমষ্টিটো গঠন হোৱাৰ দিনৰে পৰা ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা সুদক্ষ তাৰ্কিক, অধিবক্তা তথা বাকপতু জনপ্ৰিয় যুৱনেতা ৰাতুল পাটোৱাৰীক৷

ইয়াৰ লগতে ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট) দ’লৰ পৰা প্ৰমোদ চন্দ্ৰ ভাগৱতীয়ে লগতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতা, সংগ্ৰামী যুৱ নেতা ভাৰত ৰাজবংশী আৰু নাৰায়ণ দত্ত ভূঞাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে৷

ইয়াৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অতিকে জ্যেষ্ঠ আৰু সমষ্টিবাসীৰ বাবে পুৰণি মুখ যদিও ৰাতুল পাটোৱাৰী আৰু প্ৰমোদ চন্দ্ৰ ভাগৱতীয়ে অৱশ্যে যোৱাবাৰৰ বিধান সভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল৷লগতে ভাৰত ৰাজবংশী আৰু নাৰায়ণ দত্ত ভূঞা নতুন মুখৰ প্ৰাৰ্থী৷

প্ৰাৰ্থী সকলৰ ভিতৰত ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট) দ’লৰ প্ৰমোদ চন্দ্ৰ ভাগৱতী আৰু নাৰায়ণ দত্ত ভূঞাৰ বাহিৰে অন্য প্ৰাৰ্থী সকলে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ কিন্তু ইয়াৰে দুই পাটোৱাৰী ক্ৰমে জ্যেষ্ঠ চন্দ্ৰমোহন পাটোৱাৰী আৰু কনিষ্ঠ ৰাতুল পাটোৱাৰীয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে৷

বৰ্তমান সমষ্টিটো নিজৰ হাতত ৰখাৰ কাৰণে প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিৰ প্ৰতিখন পঞ্চায়ত-পঞ্চায়তে গৈ নিৰ্বাচনী চমক দেখুৱাইছে যদিও সম্প্ৰতি অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হৈ ক্ষোভিত হৈ পৰা একাংশ মহিলাই বিজেপিৰ সংগ এৰি আন দ’ললৈ ঢাপলি মেলিছে৷

আনহাতে ৰাতুল পাটোৱাৰীয়ে নৱগঠিত টিহু সমষ্টিটোত জয়লাভ কৰাৰ লক্ষ্যৰে সমষ্টিৰ চুবুৰিয়ে-চুবুৰিয়ে ভোটাৰ ৰাইজৰ পদুলিয়ে-পদুলিয়ে গৈ,চ’ক-বজাৰ আদিৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহলৈ গৈ আৰু নতুন প্ৰজন্মৰ যুৱক-যুৱতীক লগ কৰি তৃণমূল পৰ্যায়ত নিজৰ দ’লৰ স্থিতি শক্তিশালী কৰা পৰিলক্ষিত হৈছে৷

আনহাতে বিজেপি দ’লৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশী ত্ৰিনয়ন বৰ্মনে এইবাৰ টিকত লাভ নকৰাত ত্ৰিনয়ন বৰ্মনৰ লগত দিনে-নিশাই ঘূৰি-ফুৰা একাংশ দলীয় কৰ্মী আৰু নতুন সমষ্টিটো অগপ দ’লক এৰি দিবলৈ দাবী কৰি অহা একাংশ অগপ দ’লৰ নেতা- কৰ্মীয়ে সময়ত কাক ভোট দিয়ে স্বভাৱিকতে তাকেলৈও বিজেপি মহলক চিন্তিত কৰি তুলিছে৷

লগতে এইবাৰ নিৰ্বাচনত বিজেপিৰ জ্যেষ্ঠ চন্দ্ৰ মোহন পাটোৱাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ কনিষ্ঠ ৰাতুল পাটোৱাৰীয়ে কি কৌশল অৱলম্বন কৰে সেয়া ভোটাৰ সকলেহে নিৰূপণ কৰিব। গতিকে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত নৱগঠিত টিহু বিধানসভা সমষ্টিৰ পৰা কোনে শেষ হাঁহি মাৰি টিহু সমষ্টিৰ প্ৰথমজন বিধায়ক হিচাপে ইতিহাসত নাম সন্নিৱিষ্ট কৰিব,সেয়া সময়েহে ক’ব৷

নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ২৬ মাৰ্চ

You might also like