নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ বিধায়ক পুত্রক নিজ সমষ্টিতে ৰাইজৰ পহুখেদা

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ  নিজ সমষ্টিতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিধায়ক পুত্র আব্দুৰ ৰহিম আজমল আজি পুনৰ ৰাইজৰ ৰোষত পৰিল ৷ দীর্ঘদিনৰ পৰা আজমল পৰিয়ালৰ দখলত থকা হোজাই জিলাৰ যমুনামুখ সমষ্টিত কিছুদিন আগৰ পৰা হঠাৎ আৱির্ভাৱ হৈছে আব্দুৰ ৰহিমৰ৷ কিন্তু তেওঁ য’তেই গৈছে তাতেই ৰাইজৰ ৰোষত পৰিছে ৷ বিধায়কজনে সমষ্টিত নিজ পৰিয়ালৰ ব্যৱসায় চলোৱাৰ দৰে কিছু ‘মেনেজাৰ’ নিয়োগ কৰি সমষ্টি এৰি দিয়াৰ বিপৰীতে সঘনাই বিদেশ ভ্রমণ কৰি বিলাসী জীৱন যাপন কৰাৰ লগতে পৈতৃক ব্যৱসায়ত নিজকে ব্যস্ত কৰি ৰাখিছে৷ ফলত বিধায়ক আব্দুৰ ৰহিমৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসী ভোটাৰৰ৷ এসপ্তাহ পূর্বে সমষ্টিৰ কপাহবাৰীত ৰাইজে তেওঁক পহু খেদা দিয়াৰ পাছত আজি পুনৰ সমষ্টিৰ এটা পথ উদ্বোধন কৰিবলৈ গৈ তেওঁ ভেলৌগুৰিত ৰাইজৰ ৰোষত পৰে৷

লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…

বিলাসী বিধায়কজনে সমষ্টিৰ ভেলৌগুৰিত এটা আধৰুৱা ৰাস্তাৰ কাম উদ্বোধন কৰিবলৈ গৈছিল, কিন্তু সেই পথ নির্মাণত হোৱা অনিয়মৰ বাবে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ৷ চাৰে চাৰি বছৰ পাছত বিধায়কজন সেই স্থানত উপস্থিত হোৱাৰ পাছত ক্ষুব্ধ ৰাইজে বিভিন্ন প্রশ্ণবাণেৰে থকা–সৰকা কৰে আৰু আধৰুৱা পথ উদ্বোধন নকৰাকৈ বিধায়কজনে সেই স্থান এৰি পলায়ন কৰে৷

You might also like