নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰৰ পৰা পুনৰ পত্র লিখিলে অখিল গগৈয়েঃ ৰাজ্যৰ বিৰোধী দলবোৰে জনতাৰ হূদয়ৰ বার্তা শুনাত ব্যর্থ হ’ল

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃসমাগত বিধানসভা নির্বাচনত বিজেপিবিৰোধী আৰু ‘কা’বিৰোধী আটাইতকৈ সম্ভাৱনাপূর্ণ প্রার্থী গৰাকীক ভোটদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ‘ৰাইজৰ দল’ৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে৷ আজি ৰাজ্যবাসীক উদ্দেশ্যি প্রেৰণ কৰা এখন পত্রত তেওঁ উল্লেখ কৰে যে বিৰোধী দলবোৰে উমৈহতীয়া প্রার্থী দিয়াত ব্যর্থ হ’ল৷ জনতাৰ হূদয়ৰ বার্তা শুনাত বিফল হ’ল৷ একেটা সমষ্টিতে ‘কা’বিৰোধী একাধিক বিৰোধী প্রার্থী দিয়া হ’ল৷ জনতা কিছু পৰিমাণে ক্ষুব্ধ আৰু বিভ্রান্ত৷ কিন্তু তাৰ পাছতো হতাশ হ’লে নহ’ব৷ এটা পথ উলিয়াব লাগিব আৰু জাতিদ্রোহী তথা জনগণবিৰোধী বিজেপি মিত্রজোঁটক যেনে–তেনে পৰাভূত কৰিব লাগিব৷ ২০২১ চনৰ নির্বাচন অসমীয়া জাতিৰ জীৱন–মৰণৰ যুঁজ, অস্তিত্ব ৰক্ষাৰ সংগ্রাম৷ এনে পৰিস্থিতিত সন্মুখত এতিয়া এটাই পথ খোলা আছে৷

অসমৰ ভৱিষ্যৎ এতিয়া ৰাইজৰ ওচৰত নির্ভৰ কৰিব৷ ৰাজনৈতিক দলবোৰে দূৰদর্শিতা দেখুওৱাত ব্যর্থ হ’ল৷ কিন্তু ৰাইজে এইক্ষেত্রত এটা নির্ণায়ক সিদ্ধান্ত ল’ব লাগিব৷ এয়া ৰাইজে সঠিক আৰু কঠোৰ সিদ্ধান্ত লোৱাৰ সময়৷ বিজেপি মিত্রজোঁটবিৰোধী আটাইতকৈ শক্তিশালী প্রার্থীজনক বাছি উলিয়াওক৷ যিজন শক্তিশালী প্রার্থীয়ে বিজেপিক পৰাভূত কৰিব পাৰিব, তেওঁক ৰাইজে একেলাগে ভোট দিয়ক, সম্ভাৱনাপূর্ণ প্রার্থীজনক ভোট দিয়ক৷ অসমৰ প্রতিটো বিধানসভা সমষ্টিত বিজেপিবিৰোধী, ‘কা’বিৰোধী আটাইতকৈ শক্তিশালী প্রার্থীজনক ৰাইজে উমৈহতীয়াভাৱে ভোট দি বিজেপিক পৰাভূত কৰক৷ অসমক ৰক্ষা কৰাৰ স্বার্থত ভুলতো বিজেপিক ভোটদান নকৰিব৷ অসমক বিজেপিৰ পৰা ৰক্ষা কৰক৷ বিশ্বাসঘাতক বিজেপিৰ বিৰুদ্ধে গৰজি উঠক৷ ভোট দিয়াৰ সময়ত পাঁচজন কা শ্বহীদলৈ মনত পেলাওক৷

মহাজোঁট গঠনত বিৰোধীৰ ব্যর্থতাৰ কথা অকপটে স্বীকাৰ কৰি অখিল গগৈয়ে পত্রখনত এইদৰে উল্লেখ কৰে– ‘অসমক বিজেপিৰ পৰা ৰক্ষা কৰাৰ স্বার্থত আমি অসম জাতীয় পৰিষদৰ সৈতে আন্তৰিকতাৰে যোগাযোগ ৰক্ষা কৰিছিলোঁ৷ দেশৰ বিশেষ পৰিস্থিতিত, সাম্প্রদায়িক, ফেচীবাদী শক্তি বিজেপিক পৰাভূত কৰাৰ স্বার্থত ভাৰতীয় জাতীয় কংগ্রেছৰ লগতো আলাপ–আলোচনা চলাইছিলোঁ৷ অন্যান্য দলৰ লগতো বাৰম্বাৰ আলোচনাত মিলিত হৈছিলোঁ৷ মুঠতে মোৰ জে’ল জীৱনৰ সীমিত স্বাধীনতাৰ মাজত মই আপ্রাণ চেষ্টা কৰিছিলোঁ ‘কা’বিৰোধী একোজনকৈ উমৈহতীয়া প্রার্থী থিয় কৰাবলৈ৷ পিছে হঠাতে বহুতে ওলোটা খৰ মাৰিলে৷ বদনাম পৰিল আমাৰ ওপৰতহে৷ জে’লত থকা বাবে মই সঠিক সময়ত ৰাইজক কথাবোৰ জনাব নোৱাৰিলোঁ৷ পিছে তথ্য–পাতি, সাক্ষী–বাদী সকলো আমাৰ ওচৰত মজুত আছে৷ মই আপোনালোকক স্পষ্টভাৱে জনাওঁ যে বিৰোধীৰ উমৈহতীয়া প্রার্থীৰ বাবে আমাৰ ফালৰ পৰা সকলো চেষ্টাই কৰা হৈছিল৷ উমৈহতীয়া প্রার্থীৰ সিদ্ধান্তও হৈছিল৷ আপোনালোকে এ আই চি চিৰ সাধাৰণ সম্পাদকদ্বয় জিতেন্দ্র সিং আৰু মুকুল ৱাছনিকক সুধিলে জানিব পাৰিব, কিয় বিৰোধী দলবোৰ একলগ নহ’ল৷ তেওঁলোকে সকলো কথাই জানে৷’

You might also like