নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈৰ বেলতলাত পুনৰ বনৰীয়া হাতীয়ে ভাগিলে ধানৰ ভৰাঁল ঘৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ আমচৈ অঞ্চলৰ বেলতলা গাঁৱত প্ৰায় প্ৰতিনিশা বনৰীয়া হাতীয়ে গাঁৱত প্ৰৱেশ কৰি গাঁৱখনৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আছে । বনকৰ্মীসকলে বহু চেষ্টা কৰিও এই বনৰীয়া হাতী কেইটাক গাঁৱত প্ৰৱেশ কৰা বন্ধ কৰিব পৰা নাই ।

যোৱা ১৬ জুলাইৰ নিশা বাবুল মৃধা নামৰ মানুহজনৰ ভঁৰাল ঘৰ ভগাৰ পিছত ১৭ জুলাইৰ নিশাও অকলশৰীয়া কৈ বিচৰণ কৰা এটা বনৰীয়া হাতীয়ে নিশা একমান বজাত বেলতলা গাঁৱত প্ৰৱেশ কৰি বজন্তি ডেকা বৰা নামৰ মহিলা গৰাকীৰ ধানৰ ভৰাঁল ঘৰ ভাঙি ধান ভক্ষণ কৰাৰ উপৰি ভৰালটোত থকা ধান লণ্ড ভণ্ড কৰি থৈ যায় ।

গাঁৱৰ ৰাইজে ফটকা ফুটাই, জুই জ্বলাই চিঞঁৰ বাখৰ কৰি কোনোমতে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় । গৃহস্থৰ পৰা জানিব পৰা মতে বনৰীয়া হাতীটোৱে কুৰি হাজাৰ টকা মানৰ ধান আৰু অন্যান্য সামগ্ৰীৰ অনিষ্ট সাধন কৰে । বজন্তি ডেকা বৰা নামৰ মহিলা গৰাকীয়ে ক্ষতিপুৰণ বিচাৰি বিভাগৰ ওচৰত দাবী জনোৱাৰ যো- জা চলাই থকা বুলি জানিব পৰা গৈছে ।

You might also like