নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিপুৰাত নিষিদ্ধ কৰিলে পশুৰ হত্যা–পঞ্জীয়নহীন বিপণী

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ পশুৰ প্রতি চলি থকা নির্দয়তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে ত্রিপুৰা উচ্চ ন্যায়ালয়ে৷ মুকলিকৈ পশু হত্যা বন্ধ কৰাৰ দাবী জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰাৰ অন্তত বিচাৰপীঠে দুটাকৈ গুৰুত্বপূর্ণ নির্দেশ দিয়ে৷ ত্রিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্রজিত মহান্তি আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে মুকলিকৈ পশুহত্যা সন্দর্ভত গুৰুত্বপূর্ণ নির্দেশ দি আগৰতলা পৌৰ নিগম কর্তৃপক্ষক মুকলিকৈ পশু হত্যা কৰাটো বন্ধ কৰিবলৈ দিয়ে৷

তদুপৰি পঞ্জীয়নহীনভাৱে চলাই থকা কুকুৰকে ধৰি বিভিন্ন পোহনীয়া জন্তুৰ বিপণীও বন্ধ কৰিবলৈ খণ্ড বিচাৰপীঠে নির্দেশ দিছে৷ অবৈধভাৱে মুকলিকৈ পশু হত্যা কৰি তাৰ মাংস বিক্রী কৰি থকাটো ত্রিপুৰাৰ বজাৰসমূহত প্রত্যক্ষ কৰি এই কার্য বন্ধ কৰাৰ বাবে অৰিজিত ভৌমিক নামৰ সচেতন লোক এজনে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল৷ খণ্ড বিচাৰপীঠে ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰাৰ সময়ত আবেদনকাৰীৰ হৈ অধিবক্তা অংকন তিলক পালে বিচাৰপীঠৰ সন্মুখত এই আবেদন সন্দর্ভত যুক্তি প্রদর্শন কৰে৷

অধিবক্তাগৰাকীয়ে অতিৰিক্তভাৱে শপতনামাযোগে বেইআইনীভাৱে পশু হত্যা কৰি তাৰ মাংসৰ বিক্রী বন্ধ কৰাৰ লগতে পঞ্জীয়নহীন পোহনীয়া কুকুৰৰ বিপণী বন্ধৰ বাবে বিচাৰপীঠক যুক্তি প্রদর্শন কৰে৷ এই যুক্তি শুনাৰ পিছতেই খণ্ড বিচাৰপীঠে শীঘ্রেই সকলো পঞ্জীয়নহীনপশুৰ বিপণী বন্ধ কৰাৰ লগতে মুকলিভাৱে পশু হত্যাৰো নিষেধাজ্ঞা জাৰি কৰি নির্দেশ দিয়ে৷ উল্লেখ্য যে পশুপালন বিভাগৰ অনুমতি অবিহনে ত্রিপুৰাত ১২খনতকৈ অধিক পোহনীয়া পশুৰ বিপণী চলি আছে৷

You might also like