নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰাডুনত মুকলি ঠাইত প্লাষ্টিক আৱর্জনা দাহন কৰিলে ৫ হাজাৰ জৰিমনা

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ  প্লাষ্টিক আৰু আৱর্জনাই পৰিৱেশ প্রদূষিত কৰি থকাৰ প্রতি লক্ষ্য ৰাখি উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ডেৰাডুন প্রশাসনে ঘোষণা কৰা অনুসৰি কোনো লোকে মুকলি ঠাইত প্লাষ্টিক–আৱর্জনা দাহন কৰিলে তেনে ব্যক্তিক পাঁচ হাজাৰ টকা জৰিমনা বিহা হ’ব৷ জিলা দণ্ডাধীশ আৰু পৌৰ নিগমে এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ স্বচ্ছ সর্বেক্ষণ বঁটা–২০২১ত ডেৰাডুনে পূর্বৰ তুলনাত কেইটামান স্থান উন্নীত হোৱাৰ পিছতেই আজি জিলা দণ্ডাধীশ আৰু পৌৰ নিগমে চহৰখন অধিক পৰিচ্ছন্ন আৰু বায়ু প্রদূষণৰ পৰা ৰক্ষা কৰাৰ বাবে মুকলি ঠাইত প্লাষ্টিক, আৱর্জনা জ্বলোৱা নিষিদ্ধ কৰিছে৷ কোনো লোকে নিষেধাজ্ঞা উলংঘন কৰি প্লাষ্টিক, আৱর্জনা যদি মুকলি ঠাইত দাহন কৰে, তেতিয়াহ’লে তেনে ব্যক্তিক শাস্তি হিচাপে পাঁচ হাজাৰ টকা জৰিমনা বিহা হ’ব৷ উল্লেখ্য যে স্বচ্ছ সর্বেক্ষণ বঁটা–২০২০ত ডেৰাডুন দেশৰ পৰিচ্ছন্ন চহৰৰ তালিকাত ১২৪ নম্বৰ স্থানত আছিল৷ কিন্তু ২০২১ চনৰ বঁটাত চহৰখনে ৮২ সংখ্যক স্থান লাভ কৰে৷ স্থান উন্নীত হোৱাৰ পিছতেই জিলা প্রশাসন অধিক সক্রিয় হৈছে৷

You might also like