নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী নতুন বজাৰত স্থাপন হ’ব ভাৰতীয় ষ্টেট বেংকৰ শাখা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ দীৰ্ঘদিনে উজনি মাজুলীৰ নতুন বজাৰত ৰাষ্ট্ৰীয়কৃত বেংক স্থাপন কৰিবলৈ উজনি মাজুলীবাসী জনসাধাৰণ, বিভিন্ন দল-সংগঠনে চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনক দাবী জনাই অহাৰ পিছত উজনি মাজুলীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ নতুন বজাৰত বিভাগীয় কৰ্তৃপক্ষই ভাৰতীয় ষ্টেট বেংকৰ শাখা স্থাপনৰ নিবিদা আহ্বান কৰাত একপ্ৰকাৰ উৎফুল্লিত হৈ পৰিছে উজনি মাজুলীবাসী৷

স্মৰ্তব্য যে জিলাখনৰ সদৰ গড়মুৰ, মুখ্য টাউন কমলাবাৰী আৰু পূৱ অংশৰ ব্যৱসায়ী স্থল বনগাঁৱ আৰু শেহতীয়াকৈ ফুলনিত ৰাষ্ট্ৰীয়কৃত বেংক স্থাপন কৰি বিত্তীয় লেনদেনত জনসাধাৰণক সকাহ দিছে যদিও উজনি মাজুলীৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰ নতুন বজাৰ অঞ্চলৰ জনসাধাৰণে আজিও বিত্তীয় লেন-দেনত হাবাথুৰি খাব লগা পৰিস্থিতিৰ সৃষ্টি হৈয়ে আছে৷ বজাৰখনত অসম গ্ৰামীণ বিকাশ বেংকৰ এটা শাখা আছে যদিও বিভিন্ন সময়ত লক্ষাধিক গ্ৰাহকক শাখাটোৱে সুবিধা প্ৰদানত ব্যৰ্থ হৈ আহিছে৷

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে জিলা সদৰ গড়মুৰ এছবিআই শাখাত উজনি মাজুলীৰ যথেষ্ট সংখ্যক গ্ৰাহক থকাৰ লগতে উজনি মাজুলীৰ আঠ খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় হাজাৰৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে দৰমহা লবলৈ বাটকুৰি বাই যাব লগা হয় কমলাবাৰীৰ ইউবিআইৰ শাখালৈ। পৰিতাপৰ বিষয় যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পদূলিয়ে পদূলিয়ে এটিএম হোৱাৰ পাছতো দ্বীপজিলাখনৰ উজনি অংশৰ সাধাৰণ জনসাধাৰণকে ধৰি চৰকাৰী কৰ্মচাৰীয়ে জৰাজীৰ্ণ পথ অতিক্ৰম কৰি নিজৰ সাঁচতীয়া টকা কেইটা উলিয়াবলৈ যাব লাগে ৫০-৬০ কিঃমিঃ দূৰ। সি যি কি নহওঁক জনসাধাৰণৰ আৱেগক সন্মান জনাই শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই নতুন বজাৰত শাখা স্থাপনৰ সিদ্ধান্তক জনসাধাৰণে আদৰণি জনাইছে৷ শাখাটো স্থাপন হ’লে উজনি মাজুলীৰ জনসাধাৰণৰ লগতে মাজুলীৰ দাতিকাষৰীয়া লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰো অধিকাংশ লোক নিশ্চিত ভাৱে উপকৃত হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে৷

প্ৰেৰকঃ ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like