নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ লক্ষীপুৰত পুনৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে আই পি এছ পাৰ্থ পি দাসৰ কঠোৰ অভিযান

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ কাছাৰ জিলাৰ মণিপুৰ সীমান্ত লক্ষীপুৰত দুষ্টচক্ৰই বিগত দিনে গোপনে চলাই অহা ড্ৰাগছ-হেৰ’ইনৰ ক’লা বজাৰখন নাকী লগোৱাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীপুৰ চাব ডিভিজনৰ এচ ডি পি অ’ পাৰ্থপ্ৰতিম দাসে ( আই পি এছ) ।

উক্ত অঞ্চলত কিছুদিনৰ পূৰ্বেই দুগৰাকী সন্দেহযুক্ত মহিলাক হেৰ’ইনসহ হাতে-লোটে আটক কৰাৰ পাছতেই পুনৰ কালি মংগলবাৰে দিনদুপৰতে আৰক্ষীয়ে আটক কৰিছে আন এজন হেৰ’ইন সৰবৰাহকাৰীক । প্ৰাপ্ত খৱৰ অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত এচ ডি পি অ’ পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত লক্ষীপুৰ থানা আৰু বাঁছকান্দি চকীৰ আৰক্ষী দলে যৌথভাৱে কৌশলী অভিযান চলাই হেৰ’ইনসহ আটক কৰে অভিযুক্ত আব্দুল হুছেইন ওৰফে ইব্ৰাহীমক। ধৃত অভিযুক্ত লক্ষীপুৰ আৰক্ষী থানাৰ এলেকাধীন ১ নং চিৰিৰপাৰৰ প্ৰয়াত নিজামুদ্দিনৰ পুত্ৰ । ধৃত আব্দুলৰ পৰা ৮ টা চাবোন কেছত লুকুৱাই অনা প্ৰায় ১০০ গ্ৰাম হেৰ’ইন জব্দ কৰিছে আৰক্ষী দলে ।

জব্দকৃত নিচাসক্ত দ্ৰব্যখিনি এজনৰ পৰা লৈ আন এজনক যোগান ধৰিবলৈ সৰবৰাহ কৰোঁতেই নিজ অঞ্চলতে হাতে-লোটে আৰক্ষীৰ হাতত ধৰা পৰে উক্ত অভিযুক্ত । এই ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে লক্ষীপুৰ আৰক্ষী থানাৰ ৩০/২১ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (বি) এনডিপিএছ ৰ অধীনত অভিযুক্তক আৰক্ষীয়ে সোধা-পোচা কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

You might also like