নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলেণ্টাইন সপ্তাহত জানক এজন ভাৰতীয় ক্ৰিকেট তাৰকাৰ প্ৰেম কাহিনী

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ আৰম্ভ হৈছে ভেলেণ্টাইন সপ্তাহ। প্ৰেমিক-প্ৰেমিকাসকলেও পালন কৰিবলৈ সাজু হৈছে ভেলেণ্টাইন ডে। এই শুভক্ষণতে জানো আহক ভাৰতীয় ক্ৰিকেট দলৰ দীনেশ কাৰ্তিকৰ প্ৰেম কাহিনী।

ভাৰতীয় ক্ৰিকেট দলৰ সুদক্ষ বেটছমেন দীনেশ কাৰ্তিক আৰু পত্নী ভাৰতীয় স্কোয়াছ কুইন দীপিকা পাল্লিকালৰ মাজত আছে প্ৰেমৰ মধুৰ সম্পৰ্ক। এই দম্পতীটোৱে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা ২০১৩ চনৰ নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে প্ৰেমৰ সম্পৰ্কৰ কথা সকলোৰে আগত প্ৰকাশ কৰিছিল। ২০০৮ চনত এক অনুষ্ঠানত সাক্ষাৎ হৈছিল এই দম্পতীটোৰ আৰু তাৰপিছৰে পৰা দুয়োৰে মাজত আৰম্ভ হৈছিল গভীৰ প্ৰেমৰ সম্পৰ্ক।

লগতে পঢ়কঃ এইখন বিশ্বৰ আটাইতকৈ ব্যয়বহুল কাৰাগাৰঃ য’ত প্ৰতিজন বন্দীৰ ওপৰত ব্যয় হয় ৯৩ কোটি টকা

২০১৩ চনত দীপিকা পাল্লিকালৰ এক টুৰ্ণামেণ্টত সুদূৰ ইংলেণ্ডলৈ দীনেশ কাৰ্তিকে সাক্ষাৎ কৰিবলৈ যোৱাৰ পাছতে দুয়োৰে মাজৰ সম্পৰ্কতো অধিক গাঢ় হৈ পৰিছিল আৰু ২০১৫ চনত দুয়োগৰাকী তাৰকা খেলুৱৈ বিবাহপাশত আৱদ্ধ হৈছিল।

You might also like