নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঞ্চনজংঘাৰ শিখৰত উৰিল অসমীয়াৰ স্বাভিমান গামোচা

বিশেষ বাৰ্তা, ২৬ মেঃ বিশ্বৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত অসমসন্তানে বিজয়ধ্বজা উৰুওৱাৰ সম্পূর্ণ এটা দশকৰ পাছত আজি আন এক হতিহাস ৰচিলে অসম আৰু অসমীয়াই৷ আজি দুগৰাকী অসমসন্তানে বিশ্বৰ তৃতীয় সর্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ অসম পর্বতাৰোহণ সন্থাই এককভাৱে আয়োজন কৰা এই অভিযানৰ সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কালি পুৱা প্রায় ৭.১৫ বজাত ৮,৫৮৬ মিটাৰ উচ্চতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত আৰোহণ কৰি ত্রিৰংগ পতাকা, সন্থাৰ অভিযান পতাকা আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা উৰুৱাবলৈ সক্ষম হয়৷ এই অভিযানৰ বাবে অসম চৰকাৰে ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহায্য আগবঢ়াহছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এই অভিযানৰ চীফ দ্য মিছন আছিল৷ উল্লেখ্য যে দলটোৰ চাৰিজন সদস্য ক্রমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ মে’ত প্রথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাহছিল৷ দলটোৱে মাডণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপর্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্র ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেহদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল৷ দলটোৰ দুহ সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কালি সন্ধিয়া প্রায় ৬.৩০ বজাত দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰ পৰা শিখৰ আৰোহণৰ প্রয়াস কৰে৷ অত্যন্ত কঠিন পৰিস্থিতিৰ মাজেৰে সমগ্র নিশা অতি কষ্টকৰ চেষ্টাৰ পাছত আজি পুৱা প্রায় ৭.১৫ বজাত তেওঁলোকে সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াহ আনে৷ অসম পর্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান–২০২৩ৰ ৭ জনীয়া দলটো যোৱা ১১ এপ্রিলত গুৱাহাটীৰ পৰা ৰাওনা হৈছিল৷ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে যোৱা ৭ এপ্রিলত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক অনুষ্ঠানত এহ অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্রীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অর্পণ কৰিছিল৷ অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত আছিল৷ আজি পর্বতাৰোহী দুগৰাকীয়ে কাঞ্চনজংঘাৰ শিখৰত আৰোহণ কৰাৰ পিছতে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এয়া অসমবাসীৰ বাবে এক গৌৰৱৰ মুহূর্ত বুলি উল্লেখ কৰি টুইটযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এনে অনন্য কৃতিত্ব অর্জন কৰা অসম পর্বতাৰোহণ সংস্থাটোৱে হৈছে উত্তৰ–পূর্বাঞ্চলৰ প্রথমটো সংগঠন৷ তেওঁ পর্বতাৰোহী দুগৰাকীৰ লগতে সংগঠনটোকো অভিনন্দন জনায়৷ অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে অভিজ্ঞ পর্বতাৰোহণকাৰী মানস বৰুৱাই৷ ডপ–দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল পর্বতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ দলটোৰ অন্য সদস্যসকল হ’ল ডপেন চক্রৱর্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ৷

You might also like