নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য আহমেদাবাদ : দ্বিতীয় কোৱালিফায়াৰত আজি ৰোহিত–হার্দিকৰ যুঁজ

বিশেষ বাৰ্তা, ২৫ মেঃ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত আজি অনুষ্ঠিত হ’ব আইপিএলৰ দ্বিতীয়খন মৰণপণ কোৱালিফায়াৰ মেচ৷ এই হাইভ’ল্টেজ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ বিপক্ষে৷ মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছকে ফেভাৰিট আখ্যা দিয়া হৈছে৷ দ্বিতীয়খন কোৱালিফায়াৰ মেচৰ পূর্বে আত্মবিশ্বাস তুংগত আছে ৰোহিত বাহিনীৰ৷ বুধবাৰে হৈ যোৱা এলিমিনেটৰ মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত কৰি আত্মবিশ্বাস বৃদ্ধি পোৱা ৰোহিত বাহিনীয়ে মেচখনতো আশানুৰূপ প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আত্মবিশ্বাসী৷ অৱশ্যে নিজৰ প্রদর্শনক লৈ চিন্তিত হৈ পৰিছে মুম্বাই দলটোৰ অধিনায়ক ৰোহিত শর্মা৷ মেচখনত দীঘলীয়া ইনিংছ খেলিব পাৰিব বুলি আশা ব্যক্ত কৰি ৰোহিত শর্মাই কয় যে মেচখনত প্রথমৰ পৰাই আক্রমণাত্মক বেটিং প্রদর্শন দাঙি ধৰিব লাগিব৷ বৃহৎ স্ক’ৰ সংগ্রহ কৰি বিপক্ষ দলটোক চাপত ৰখাটোৱে প্রধান লক্ষ্য বুলি অধিনায়কগৰাকীয়ে মন্তব্য কৰে৷ কেমেৰন গ্রীন, সূর্যকুমাৰ যাদৱ, তিলক বার্মা আৰু ঈশান কিশনৰ পৰা উন্নত প্রদর্শনৰ আশা ব্যক্ত কৰি অধিনায়ক ৰোহিত শর্মাই যোৱানিশাৰ মেচখনত আকাশ মাধৱালে দাঙি ধৰা দুর্দান্ত বলিং প্রদর্শনক প্রশংসা কৰে আৰু আজিৰ গুৰুত্বপূর্ণ মেচখনতো আকাশে নিজৰ ছন্দ বর্তাই ৰাখিব পাৰিব বুলি কয়৷ ইফালে, সম্প্রতি দুর্দান্ত ফর্মত থকা গুজৰাট টাইটানছৰ তাৰকা বেটাৰ গিলক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে মুম্বায়ে৷

You might also like