নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকত নামভর্তিৰ বাবে ২৯ মে’ৰ পৰা দৰ্পণত আবেদন

বিশেষ বাৰ্তা, ২৬ মেঃ মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নামভর্তিৰ বাবে দর্পণ নামৰ প’র্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ এক জাননীৰ জৰিয়তে সংসদে প্রকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল অথবা উচ্চতৰ মাধ্যমিক স্কুলত উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তিৰ বাবে দর্পণ এপৰ জৰিয়তে শিক্ষার্থীসকলে আবেদন কৰিব পাৰিব৷ অহা ২৯ মে’ৰ পৰা ৯ জুনলৈ শিক্ষার্থীসকলে এই প’র্টেলটোৰ জৰিয়তে আবেদনসমূহ দাখিল কৰিব পাৰিব৷ জাননী অনুসৰি শিক্ষানুষ্ঠানসমূহে বাছনিৰ তালিকা অথবা প্রতীক্ষা তালিকা ১০ জুনৰ পৰা ১২ জুনৰ ভিতৰত প্রস্তুত কৰিব লাগিব৷ ১২ জুনৰ মাজনিশা এই তালিকাসমূহ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে প্রকাশ কৰিব লাগিব৷ শিক্ষার্থীসকলে ১৩ জুনৰ পৰা ১৫ জুনৰ ভিতৰত নামভর্তিৰ বাবে শিক্ষানুষ্ঠান গ্রহণ কৰিব লাগিব৷ ১৬ জুন আৰু ১৭ জুনৰ ভিতৰত দর্পণৰ জৰিয়তে শিক্ষা প্রতিষ্ঠানসমূহে নামভর্তি নিশ্চিত কৰিব লাগিব৷ দর্পণ প’র্টেলৰ জৰিয়তে নামভর্তিৰ বাবে আবেদন কৰাৰ ক্ষেত্রত কেতবোৰ নিয়মাৱলীও প্রকাশ কৰা হৈছে৷ সেই অনুসৰি এগৰাকী শিক্ষার্থীয়ে সর্বাধিক ৫খন আবেদন দাখিল কৰিব পাৰিব৷ সংশ্লিষ্ট শিক্ষা প্রতিষ্ঠানসমূহে নথিপত্রসমূহ পৰীক্ষণৰ পূর্বে শিক্ষার্থীসকলে মাত্র এবাৰহে নিজৰ তথ্য অনলাইনৰ জৰিয়তে সম্পাদনা কৰাৰ সুযোগ লাভ কৰিব৷ শিক্ষার্থীৰ বাবে দর্পণ প’র্টেলৰ জৰিয়তে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে বাছনিৰ তালিকা প্রকাশ কৰিব লাগিব৷ শিক্ষার্থীসকলক তেওঁলোকৰ বাছনিৰ বিষয়ে এছএমএছৰ জৰিয়তে জনোৱা হ’ব৷ বাছনিৰ তালিকা প্রকাশ পোৱাৰ পিছত শিক্ষার্থীসকলক মাত্র এঠাইত নামভর্তি কৰিবলৈ সংসদে পৰামর্শ আগবঢ়াইছে৷ তেওঁলোকে শিক্ষানুষ্ঠান বাছনি কৰাৰ পিছত পৰৱর্তী সময়ত আন শিক্ষানুষ্ঠান সলনি কৰিব নোৱাৰিব৷ নামভর্তি প্রক্রিয়া সম্পূর্ণ কৰাৰ বাবে শিক্ষার্থীসকলে নির্ধাৰিত সময়ৰ ভিতৰতে নামভর্তি কৰিব লাগিব৷ শিক্ষার্থীসকলে নামভর্তিৰ সময়ত বিষয় তথা শাখা সলনি কৰিবলৈ সুযোগ লাভ কৰিব৷ নামভর্তিৰ সময়ত শিক্ষানুষ্ঠানসমূহে অনলাইন আবেদনৰ সৈতে শিক্ষার্থীসকলে দাখিল কৰা প্রমাণ–পত্রসমূহ পৰীক্ষা কৰিব লাগিব৷ দর্পণ প’র্টেলৰ অধীনত পঞ্জীয়নভুক্ত শিক্ষানুষ্ঠানসমূহে আন শিক্ষা প্রতিষ্ঠানৰ জৰিয়তে নামভর্তি প্রদান কৰিব নোৱাৰিব৷

You might also like