নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ পুঠিমাৰীত সাহিত্য-সংস্কৃতিৰ সাধক শৰৎ ডেকাৰ প্ৰতিমূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ বজালীৰ অন্তৰ্গত পুঠিমাৰী নিৱাসী সাহিত্য সংস্কৃতিৰ বিশিষ্ট সাধক প্ৰয়াত শৰৎ ডেকাৰ প্ৰতিমূৰ্তি উন্মোচনী আৰু আলোচনা চক্ৰ আজি অনুষ্ঠিত হৈ যায়৷ পুঠিমাৰী সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত প্ৰয়াত ডেকাৰ পুঠিমাৰীস্থিত বাসগৃহত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াত ডেকাৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তি উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ ৰত্নেশ্বৰ দাসে প্ৰয়াত ডেকাৰ ব্যক্তিত্বৰ ৰোমন্থন কৰাৰ লগতে তেওঁক এগৰাকী বহুমুখী প্ৰতিভাধৰ ব্যক্তি বুলি অভিহিত কৰে৷ পুঠিমাৰী সাহিত্য সভাৰ সভাপতি গিৰিণ পাটগিৰীৰ সঞ্চালনাত অনুষ্ঠিত আৰু সম্পাদক ত্ৰিদীব ৰঞ্জন ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰয়াত ডেকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বিশিষ্ট শিক্ষাবিদ, আনন্দৰাম বৰুৱা একাডেমিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰণজিৎ ডেকাই তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে৷ অনুষ্ঠানত আলোচনা চক্ৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে বহুমুখী প্ৰতিভাৰ গৰাকী প্ৰয়াত শৰৎ ডেকাৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে আলোকপাত কৰি প্ৰয়াত ডেকা নিজেই সাহিত্য, কলা সংস্কৃতিৰ এগৰাকী প্ৰতিনিধি আছিল বুলি মন্তব্য কৰে৷ উল্লেখ্য যে বজালী জিলাৰ অন্তৰ্গত পুঠিমাৰী নিৱাসী বিশিষ্ট লেখক, নাট্যকাৰ, অভিনেতা, হাঠিনাপুৰ বিদ্যামন্দিৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ ডেকাৰ বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰৰ নিশা দিল্লীস্থিত এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছিল৷ প্ৰয়াত ডেকাৰ মৃত্যুৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে আজি নিজ বাসগৃহত প্ৰতিমূৰ্তি উন্মোচনী আৰু “অসমীয়া সাহিত্য সংস্কৃতিৰ বেদীত শৰৎ ডেকাৰ অৱদান” শীৰ্ষক আলোচনাচক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি বনগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ধীৰাজ তালুকদাৰ আৰু ৰাষ্ট্ৰীয় কলাৰত্ন বঁটাপ্ৰাপক বিশিষ্ট শিল্পী লক্ষ্মী দাসে বৰেণ্য ব্যক্তিগৰাকীৰ সাহিত্য আৰু সাংস্কৃতিক দিশত থকা অৱদানৰ বিষয়ে বিস্তৃতভাবে আলোকপাত কৰে৷ অনুষ্ঠানত ড০ ৰণজিৎ ডেকাই ভাষণ প্ৰসংগত প্ৰয়াত শৰৎ ডেকাৰ দৰিদ্ৰতা জীৱন সংগ্ৰামৰ বাবেই কেতিয়াবা কবি, নাট্যকাৰ, অভিনেতা, সাহিত্যিক হৈ পৰা বুলি উল্লেখ কৰি পুঠিমাৰী সাহিত্য সভা আৰু পৰিয়ালবৰ্গই লোৱা এনেধৰণৰ অনুষ্ঠানৰে প্ৰয়াত ডেকাৰ স্মৃতি যুগমীয়া হৈ থাকিব বুলি মন্তব্য কৰে৷ বৰগীতেৰে আৰম্ভ হোৱা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক টিকেন্দ্ৰজিৎ পাটগিৰী, নিৰঞ্জন ঠাকুৰীয়া, নবীন দত্ত, ফুলেন পাটগিৰী, অনিল চৌধুৰী, নিৰঞ্জন চৌধুৰী, প্ৰহ্লাদ চৌধুৰী, শৰৎ বৰুৱাকে ধৰি কেবাগৰাকীও ব্যক্তি উপস্থিত থাকি প্ৰয়াত ডেকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ সভাৰ শেষত শলাগ জ্ঞাপন কৰে প্ৰয়াত ডেকাৰ জেষ্ঠ্যা কন্যা অৰ্চনা ডেকাই৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like