নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুলৰ কৰ্মচাৰী ঘৰলৈ যোৱাৰ পিছতো উত্তৰ প্ৰদেশত ১৮ ঘণ্টা ধৰি স্কুলতে আবদ্ধ কিশোৰী

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ানক ঘটনা। ঘটনা অনুসৰি এগৰাকী ৭ বছৰীয়া কিশোৰী স্কুলৰ সকলো কৰ্মচাৰী ঘৰলৈ যোৱাৰ পিছতো ১৮ ঘণ্টা ধৰি স্কুলতে আবদ্ধ হৈ আছিল। ছোৱালীজনীৰ মাতৃৰ ফালৰ ককাকে জনোৱা মতে, মঙলবাৰে স্কুলৰ পৰা আহি ঘৰলৈ উভতি নাহিল ছোৱালীজনী। কোনো শিশু ৰৈ গৈছে নে নাই সেইটো পৰীক্ষা নকৰাকৈ ঘৰলৈ যোৱাৰ পিছতো উত্তৰ প্ৰদেশৰ সম্ভাৰৰ এখন বিদ্যালয়ত ১৮ ঘণ্টা ধৰি আবদ্ধ হৈ আছিল এগৰাকী সাত বছৰীয়া কিশোৰী। বুধবাৰে পুৱা বিদ্যালয়খন খোলাৰ সময়তহে এই ঘটনা পোহৰলৈ আহে। ব্লক শিক্ষা বিষয়া পোপ সিঙে জনোৱা মতে, মঙলবাৰে গুণনৌৰ তহচিলৰ ধনৰী পট্টীৰ প্ৰাথমিক বিদ্যালয়ৰ ১নং শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিদ্যালয়ৰ সময় শেষ কৰি এৰি থৈ যায়। পৰিয়ালৰ লোকে বনাঞ্চলত বিচাৰি ফুৰিছিল যদিও ক’তো উদ্ধাৰ কৰিবলৈ সক্ষম নহল। বুধবাৰে পুৱা ৮ বজাত বিদ্যালয়খন খোলাৰ সময়ত পোহৰলৈ আহিছিল যে ছোৱালীজনী ৰাতিটো স্কুলৰ কোঠাত আবদ্ধ হৈ আছে। ব্লক শিক্ষা বিষয়া সিঙে জনোৱা মতে, বিদ্যালয়ৰ সময় শেষ হোৱাৰ পাছতো শিক্ষক আৰু অন্যান্য কৰ্মচাৰীয়ে কোঠা সমূহ পৰিদৰ্শন নকৰিলে। তেওঁ লগতে কয় যে এই গাফিলতিৰ বাবে কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

You might also like