নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীসকলৰ বাবে ভাল, প্রেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৮৷
বৃষ: আজি যাত্রা নকৰাই ভাল৷ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শিৱৰ আৰাধনা কৰিব আজি৷ প্রেমত শুভ৷ শুভ সংখ্যা ২৷
মিথুন: ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল–তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব৷ ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়৷ শুভ ৰং নীলা, সংখ্যা ২৷
কর্কট: আজি মনৰ ইচ্ছা পূর্ণ হোৱাৰ যোগ৷ প্রেমত শুভ৷ বিদ্যার্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ৷ শুভ ৰং নীলা, সংখ্যা ৮৷
সিংহ: বিদ্যার্থীৰ কাৰণে শুভ৷ সামাজিক কামত ব্যস্ততা দেখা যায়৷ চাকৰিৰ ক্ষেত্রত অশান্তি৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব৷ শুভ সংখ্যা ৭৷ শুভ ৰং হালধীয়া৷
কন্যা: খৰচ বৃদ্ধি৷ ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব৷ বিদ্যার্থীৰ কাৰণে শুভ৷ দিনটো মনোকষ্টত ভুগিব লাগিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
তুলা: বিবাহৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ শুভ কর্ম কৰিলে ভাল ফল পাব৷ প্রেম–প্রণয়ত উন্নত৷ ভ্রমণত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷
বৃশ্চিক: সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ দিনটো শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮৷
ধনু: অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়৷ বিভিন্ন ক্ষেত্রত সুযোগ আহিব৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
মকৰ: নীলা কাপোৰ পৰিধান কৰি ওঁ ক্রং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র ৮বাৰ জপ কৰিব, ঘৰত অতিথিৰ আগমন৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷
কুম্ভ:  প্রেমত শুভ৷ দূৰ ভ্রমণ৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ নতুন কর্মত হাত দিব পাৰিব৷ দিনটো শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷
মীন: নিৰামিষ ব্রত পালন কৰিব৷ বিদ্যার্থীৰ ভাল, প্রেম আৰু দাম্পত্য ভালেই দেখা যায়৷ পিতৃৰ অসুখৰ চিন্তা, শুভ ৰং বগা, শুভ সংখ্যা ২৷

You might also like