নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত মহাৰাসঃ লোকে-লোকাৰণ্য পৰিৱেশ

নিয়মীয়া বাৰ্তা: ১৯ নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাত প্ৰতিবছৰৰ দৰে এইবেলিও অনুষ্ঠিত হৈছে মহাৰাস । বালিপৰা উন্নয়ন সমিতিৰ উদ্যোগত আৰু বালিপৰীয়া ৰাইজৰ সহযোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাৰাসৰ আজি সফল সামৰণী পৰে । মহাৰাসত শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ দৃশ্যসমূহ মঞ্চায়ন কৰা হয় । মহাৰাস চাবলৈ অনুষ্ঠানস্থলীত অঞ্চলটোৰ বালিপৰা, চাৰিদুৱাৰ, কমাৰীগাঁও, বোকাগাঁও, বালিগাঁও, এৰাগাঁও ইত্যাদি বিভিন্ন গাঁৱৰ সহস্ৰাধিক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ।

প্ৰেৰক: বালিপৰাৰপৰা প্ৰাঞ্জল

You might also like