নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ দল-জিলা প্ৰশাসনেৰে গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ: যোৱাকালি ধুবুৰী জিলাৰ কেইবাটাও বিধানসভা সমষ্টিত ৰূপায়িত হোৱা বিভিন্ন চৰকাৰী আঁচনিৰ বুজ ল’বলৈ উপস্থিত হৈছিল অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতি (PAC)ৰ এটা দল। দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলীৰ নেতৃত্বত অহা সেই দলটোৱে ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ৰূপায়ন হোৱা বিভিন্ন আঁচনিৰ হিচাপ পৰীক্ষা কৰিবলৈ অহা দলটোৱে যাত্ৰাপথত বিভিন্ন আঁচনিৰ চৰজমিন পৰীক্ষা কৰে। পিছত নিশাৰ ফালে ধুবুৰী আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা কথাবতৰাত সময়ৰ অভাৱত তেওঁলোকে কেৱল বিলাসীপাৰা পূৱ আৰু পশ্চিম বিধানসভা সমষ্টিকে ধৰি দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ এটা অংশহে আজি চৰজমিন তদন্ত কৰিবলৈ সক্ষম হোৱা সদৰি কৰে ৱাজেদ আলীয়ে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক আলীয়ে বিলাসীৰাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ ৰূপায়িত হোৱা দুটা চৰকাৰী কাম সঠিক ভাৱে ৰূপায়িত হোৱা নাই বুলি সন্দেহ প্ৰকাশ কৰা পোৱা যায়। সংবাদমেলখন সম্বোধন কৰাৰ পিছত যোৱা নিশাই ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ দলটোৱে ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বৰমূৰীয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৱাজেদ আলীৰ নেতৃত্বত অহা সেই দলটোত কৰিম উদ্দিন বৰভূঞাঁ, ভৱেন্দ্ৰ নাথ ভৰালী, বসন্ত দাস, মানৱ ডেকা, হাফিজ বশিৰ আহমেদ, চক্ৰধৰ গগৈ, কমলাক্ষ দে পুৰকায়স্থ, উৎপল বৰা –এই কেইগৰাকী বিধায়ক আছিল।

প্ৰেৰক: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like