নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান্দৰদেৱাত আজি পুনৰ কুখ্যাত ড্ৰাগছ সৰবাহকাৰী “ৰামা” আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা ‘২২ নৱেম্বৰ:লখিমপুৰ জিলাৰ বান্দৰদেৱাত , লখিমপুৰ জিলা প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই এগৰাকী মহিলাসহ দুই ড্ৰাগছ সৰবাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ৷আৰক্ষীৰ  তদন্ত পাছতে ন’ ন’ তথ্য পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে ৷ ৷ বিশেষ সূত্ৰে জানিব পৰা মতে যুৱক জনে  অতি গোপনে ডিমাপুৰ আৰু নগাঁও পৰা বিশেষ এজেণ্টৰ জৰিয়তে মাৰাত্মক ড্ৰাগছ,হেৰ’ইন বান্দৰদেৱালৈ আনি দীৰ্ঘদিনধৰি সৰবৰাহকাৰী ৰূপত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল  ৷আজি সন্ধিয়া বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে বিশেষ সূত্ৰে পমখেদি কুখ্যাত ড্ৰাগছ মাফিয়া ৰামা নাকটে( ৩০)গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷আজিৰ পৰা চাৰি মাহৰ পূৰ্বে বিশ্বনাথ জিলাৰ সদৰ আৰক্ষীৱে পাঁচ লক্ষ্যাধিক টকাৰ ড্ৰাগছৰ সহ পত্নীৰ সৈতে ৰামাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷তেতিয়া দুয়োৱে মাজুলী জিলাৰ বাসিন্দা হিচাপে ভুলকৈ সাংবাদ মাধ্যম আৰু আৰক্ষীক পৰিচয় দিছিল ৷প্ৰকৃততে বিগত দহ বছৰ বান্দৰদেৱাৰ ২নং পাৰ্বতীপুৰ গাৱঁত ৰামাই পত্নীৰ সৈতে বসবাস কৰি গোপনে মাৰাত্মক ড্ৰাগছৰ সৰবাহৰ কৰি আছে ৷উল্লেখ্যযে, বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত কালি আৰক্ষীৰ জালত পৰা বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ মাইনা বড়ী নামৰ ২৬ বছৰীয়া মহিলা গৰাকীৰ স্বীকাৰোক্তিত আজি আৰক্ষীয়ে ৰামাক গ্ৰেপ্তাৰ কৰে ৷ ৰামাই অসম-অৰুণাচলৰ সীমান্তৱতী বান্দৰদেৱা ,হাৰমতীৰ তদুপৰি ইটানগৰ,নাৰলগুন,দুইমুখ নামৰ ঠাইতো ড্ৰাগছ আৰু হেৰ’ইনৰ সৰবৰাহৰ কৰি আহিছে বুলি অৱগত কৰে ৷

 

 

You might also like