নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁওত নৈশ চকীদাৰক হত্যাকৰা বিকি চাহানীক কোচবিহাৰত গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,২২ নৱেম্বৰ : মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত মালিগাঁও চাৰিআলীত যোৱা ৫ নৱেম্বৰৰ নিশা সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । মালিগাৱৰ বিপুল কমপ্লেক্চ্ত নৈশ চকীদাৰ হিচাপে নিয়োজিত তৰুণ ডেকাক উক্ত নিশা বিকি চাহানী নামৰ যুৱকজনে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছিল । কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰাৰ সমগ্র দৃশ্য বন্দী হৈছিল আবাসটোত সংযোজিত চিচি টিভি কেমেৰাত । ইয়াৰ পিছতে হত্যাকাৰী বিকি চাহানী পলাতক হৈ আছিল । সমগ্ৰ ৰাজ্যজুৰি চাণ্চল্যৰ সৃষ্টি কৰা উক্ত হত্যাকাণ্ডৰ অপৰাধীক আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলায় আছিল যদিও সফল হোৱা নাছিল । গোপন সুত্ৰে পোৱা খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দলে আজি কোচবিহাৰত অভিযান চলায় হত্যাকাৰী বিকি চাহানীক গ্ৰেপ্তাৰ কৰে ।কোচবিহাৰৰ পুন্দিবাৰী থানাৰ অন্তৰ্গত বৰতলা অণ্চলৰ পৰা বিকিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নৃশংস হত্যাকাণ্ডটোৰ আৰত কি উদ্দেশ্য লুকাই আছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ।

You might also like