নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত বিধায়কৰ দ্বাৰা চেক বিতৰণ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই  মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা আৰ্থিক সাহায্য আজি বিধায়কগৰাকীৰ নাৰায়ণপুৰস্থিত বাসগৃহত আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

আজি নাৰায়ণপুৰত আয়োজিত এক অনুষ্ঠানত বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিৰ জৰিয়তে ১৮ গৰাকী দুখীয়া ৰোগীৰ বাবে তেওঁলোকৰ পৰিয়াল বৰ্গক ক্ৰমে ১০ হাজাৰ, ১৫ হাজাৰ আৰু ২০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে। অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ থকাৰ সময়তে বিধায়ক গৰাকীৰ এই মহানুভৱতাত বাৰুকৈয়ে আনন্দিত হোৱা পৰিলক্ষিত হৈছে ৰোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গ।

Input: চন্দন শইকীয়া, ভোগপুৰ

You might also like