নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ দ্বি বাৰ্ষিক অধিবেশন

নিয়মীয়া বাৰ্তা ৬জানুৱাৰীঃ অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ দ্বি বাৰ্ষিক অধিবেশন খনি অহা ন জানুৱাৰীত নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ সভাকক্ষত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।অধিৱেশনত অসম বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সমিতিৰ বৰ্তমানৰ সভাপতি কেশৱ কলিতা, সম্পাদক টুটুমণি ফুকন,নৱ নিৰ্বাচিত সম্পাদক মুকুট ৰাজ শৰ্মা, সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মা আদি উপস্থিত থাকিব।এই অধিবেশনতেই বাৰ্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতাৰ গ্ৰন্থ”সাংবাদিক অসাংবাদিক”উন্মোচন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।অধিৱেশনত নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতি খনো গঠন কৰা হ’ব।

You might also like