নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষাৰ প্ৰশ্ন কাকত APSC পৰীক্ষাত বাতিলৰ প্ৰতিবাদত বীৰ লাচিত সেনা নগাওঁ জিলা সমিতিৰ প্ৰতিবাদী সমদল

সমীয়া ভাষাৰ প্ৰশ্ন কাকত APSC পৰীক্ষাত বাতিল কৰা আৰু ৰাজ্যৰ প্ৰতিটো সমষ্টিত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্ৰতিবাদত বীৰ লাচিত সেনা নগাওঁ জিলা সমিতিৰ প্ৰতিবাদী সমদল

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ   আজি নগাঁৱৰ নেহেৰুৱালিৰ পৰা জিলা উপায়ুক্ত কাৰ্য্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে নগাওঁ জিলা বীৰ লাচিত সেনাই। বিজেপি চৰকাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত APSC পৰীক্ষাত বাতিল কৰা আৰু প্ৰতিটো সমষ্টিত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্ৰতিবাদত এক প্ৰতিবাদী সমদল উলিওৱাৰ উপৰিও বাৰ দফীয়া এক স্মাৰক পত্ৰ নগাওঁ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷ সংগঠনটোৱে ।সংগঠনটোৰ কৰ্মী সকলে বিভিন্ন প্ৰতিবাদী শ্লোগানে নগাঁৱৰ আকাশ বতাহ কঁপাই তোলে ৷

You might also like