নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত বিহু নাচ,ঢোল আৰু পেঁপা বাদনৰ কৰ্মশালাৰ আয়োজন

 

 

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চ::-অসমীয়াৰ বাপতি সাহোন হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন।ৰঙালী বিহুৰ দিন চাপি অহাৰ লগে লগে ৰাজ্যৰ চৌদিশে আকাশ বতাহ মুখৰিত কৰি আৰম্ভ হৈছে বিহু,ঢোল আৰু পেপা বাদনৰ কৰ্মশালা।ৰাজ্যৰ আন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে বকো গান্ধী মৈদান প্ৰাঙ্গনত আয়োজন কৰা হৈছে বিহু নাচ,ঢোল আৰু পেঁপা বাদনৰ কৰ্মশালাৰ।অহা ১ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ এই কৰ্মশালা অনুষ্ঠিত হব।বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰা বিহু,ঢোল আৰু পেপা বাদনৰ কৰ্মশালাত সকলো লৰা ছোৱালীয়ে অংশগ্ৰহন কৰিব পাৰিব।এই কৰ্মশালাত সমল ব্যক্তি হিচাপে ইন্দিৰা বৰ্মন আৰু পবিত্ৰ বৰুৱাৰ লগতে বহুকেইজন অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষন দিয়া হব।ইতিমধ্যে এই কৰ্মশালাত নামভৰ্তি কৰনৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে।১ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ হব লগা এই কৰ্মশালা খনি প্ৰতিদিনে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হব।এই কৰ্মশালাত অংশগ্ৰহন কৰিব বিচৰা ইচ্ছুক লৰা ছোৱালী সকলোকে ৯৮৫৯৫-৫৩৮৩৫,৯৮৫৪০-৫৫৫১৩,৬০০০৭-৬৮৫৭১ নম্বৰত যোগাযোগ কৰি নামভৰ্তি কৰনৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় মেধি আৰু সম্পাদক গোবিন্দ দলৈয়ে আহ্বান জনাইছে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like