নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱৰ সামৰণি

 

  • পাঁচ হেজাৰ লেছেৰী শিল্পীৰ সমাৱেশত মুখৰিত হালালী সমন্বয় ক্ষেত্ৰ
  • যুগল শইকীয়া আৰু নন্দেশ্বৰ কছাৰীক গগন চন্দ্ৰ সোনোৱাল সোঁৱৰণী বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ অসমৰ তৃতীয় বৃহৎ ভৈয়াম জনজাতি সোণোৱাল কছাৰী জনগোষ্ঠীৰ নৃত্য-গীতৰ ঐক্যতানেৰে আজি নিশা সামৰণি পৰে সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩ ৰ৷ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত যোৱা ২৩ মাৰ্চৰ পৰা বৰবৰুৱা দুলীয়া-দাইনীজানৰ হালালী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা চাৰিদিনীয়া মহোৎসৱৰ আজিৰ সামৰণি দিনটোত প্ৰতিকুল বতৰকো নেওচি কেইবাটাও দলৰ গায়ন-বায়ন, বহুৱা নাচৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ হেজাৰ নাচনিৰ লেছেৰী প্ৰদৰ্শনে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিৰ আজি বিশ সহস্ৰাধিক ৰাইজে প্ৰত্যক্ষ কৰে৷ এই উপলক্ষ্যে দিনৰ ভাগত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ দ্বাৰা গগন চন্দ্ৰ সোণোৱাল বঁটা ২০২১ বৰ্ষৰ বাবে জনগোষ্ঠীটোৰ সংগঠন সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ সম্পাদক তথা সমাজকৰ্মী যুগল শইকীয়াক আৰু ২০২২ বৰ্ষৰ বাবে জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কছাৰীক দুইলাখ টকাৰ চে’ক্‌, স্মাৰক, গ্ৰন্থৰ টোপোলা, উপহাৰ আৰু সোনোৱালীৰে সম্বৰ্ধনাজ্ঞ াপন কৰা হয়৷ ইয়াৰে বঁটাপ্ৰাপক যুগল শইকীয়াই প্ৰাপ্ত ধনৰ একাংশ জনগোষ্ঠীটোৰ মূল বাইথ’ মন্দিৰ আৰু ডিব্ৰুগড়ৰ প্ৰেৰণা প্ৰতিবন্ধী গোটৰ সদস্য সকলৰ বাবে দান হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে৷ সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে মহোৎসৱখনি সফল ৰূপায়ন কৰি তোলা সংশ্লিষ্ট সকলোকে শলাগ লৈ অনাগত দিনত জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ পৰিষদে গ্ৰহণ কৰিব বুলি মন্তব্য কৰে৷ সভাত লক্ষিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মাজুলী সাংস্কৃতি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ নিৰোদ বৰুৱা, পঞ্জ ীয়ক নিৰোদ বৰুৱা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেই জনগোষ্ঠীটোক শুভেচ্চা প্ৰদান কৰি বক্তব্য আগবঢ়ায়৷ সভাত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপন মৰাণ, অসম গেচ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত বৰি, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিবপ্ৰধান চন্দন সোণোৱাল, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু সোণোৱাল, পৰিষদৰ অধ্যক্ষ মদন চন্দ্ৰ হাজৰিকা, উপাধ্যক্ষা অনামিকা বৰশইকীয়াকে ধৰি কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকল উপস্থিত থাকে নিশালৈ শিল্পী নীল আকাশ আৰু মুম্বাইৰ শিল্পী ইৰফানৰ সাংগীতানুষ্ঠানেৰে মহোৎসৱৰ কাৰ্যসূচী সামৰণি পৰে৷ আনহাতে কালি নিশা ‘সোণোৱাল সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধন’ শীৰ্ষক এক আলোচনা চক্ৰত বিশিষ্ট সাসংকৃতিক গৱেষক ড॰ উপেন ৰাভা হাকাছাম উপস্থিত থাকি জনগোষ্ঠীটোৰ সংস্কৃতি সংৰক্ষণৰ বিভিন্ন দিশ সামৰি সাৰুৱা বক্তব্য আগবঢ়ায়৷ আলোচনা চক্ৰখনি সঞ্চালনা কৰে শান্তনু দাস বৰহাজোৱালে৷

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like