চাপৰত শক্তি মন্ত্ৰী বিমল বৰা
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰ: নিজ জন্ম স্থানতে উপেক্ষিত হোৱাৰ পথত জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শ।
শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক জ্বলাঞ্জলি দি চাপৰত হ’বলৈ গৈ আছে বিলাতী সুৰাৰ বিপণী।
মন্ত্ৰী বিমল বৰা অৱগত নহয় জননেতা শৰৎ চন্দ্ৰ সিংহয় পুৰ্বে চাপৰত সুৰাৰ বিপনী প্ৰদানত বাধা আৰোপ কৰাৰ বিষয়ে।
জননেতা গৰাকী অসম আৰু চাপৰৰ বাবে যি পৰিকল্পনা কৰিছিল সেয়া বিজেপি চৰকাৰে শ্ৰদ্ধাৰে পালন কৰিব এই গুৰুত্বপুৰ্ন মন্তব্য মন্ত্ৰী বিমল বৰাৰ।
মন্ত্ৰী বিমল বৰায় সাংৱাদিকক জনায় যে চাপৰৰ সুৰাৰ বিপনীৰ ওপৰত জননেতা শৰৎ চন্দ্ৰ সিংহয় যি বাধা আৰোপ কৰি থৈছে সেয়া চৰকাৰৰ দৃষ্টি গোচৰ হব, বিভাগীয় কৰ্তৃপক্ষয় উচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিষয়টো বিলাসীপাৰা মহকুমাধিপতি লৈ ঠেলিলে।
ইতিমধ্যে চাপৰত জননেতা গৰাকীৰ আৰ্দশক জ্বলাঞ্জলি দি বিজেপি চৰকাৰে চাপৰত যি সুৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে তাৰ বিৰোধীতা কৰি বিভিন্ন দল সংগঠনৰ লগতে চাপৰৰ জনসাধাৰণ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।