নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দীপ ভূঞাৰ হত্যাৰ উচিত তদন্তৰ দাবী অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,মাজুলী জিলা সমিতিৰ প্ৰাক্তন তথা প্ৰতিষ্ঠাপক সভাপতি মাজুলী গড়মুৰৰ নিৱাসী দিলীপ ভূঞাৰ জেষ্ঠ পুত্ৰ গুৱাহাটীৰ এক বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত সন্দীপ ভূঞা যোৱা ইংৰাজী ২০ নবেম্বৰ তাৰিখৰ সন্ধিয়া ৬:০০ বজাৰ পৰা সন্ধানহীন হৈ অৱশেষত কালি ২৪ নবেম্বৰ,২০২১ তাৰিখে মেঘালয়ত দুৰ্বীত্তৰ আক্ৰমণৰ বলি হোৱাত মাজুলীবাসীয়ে উদ্দেগ প্ৰকাশ কৰিছে। 
। সন্দীপ ভূঞাৰ এনে অকাল তথা আকস্মিক বিয়োগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,মাজুলী জিলা সমিতিৰ সমূহ সতীৰ্থই গভীৰ শোক প্ৰকাশ কৰে।কাকতলৈ প্ৰেৰণ কৰা এক শোকবাৰ্তা যোগে পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই সমূহ সতীৰ্থৰ হৈ মৃতকৰ বিদেহ আত্মাৰ সদ্‌গতি আৰু চিৰশান্তিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।আনহাতেদি এই ঘটনাৰ এক উচিত তদন্তৰ জৰিয়তে ঘটনাৰ লগত জড়িত দোষী অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰি দৃস্তান্তমুলক শাস্তি প্ৰদান কৰি পৰিয়ালটোক ন্যায় দিবলৈও পৰিষদে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক আহ্বান জনায়।পৰিষদে স্পষ্টভাৱে উল্লেখ কৰে যে,মাজুলীৰ বহুসংখ্যক লোকে শিক্ষা,ব্যৱসায় বা কৰ্মসুত্ৰে মাজুলীৰ বাহিৰত বা অসমৰ বাহিৰত থাকিবলগা হয় যদিও তেখেতসকলে নিৰাপত্তাৰ দিশত সদা সচেতন হৈ চলি আহিব লগা হৈছে।এনে ঘটনাই সেইসকলক পুনৰ বাৰ আতংকিত কৰি তুলিছে।শিক্ষা,ব্যৱসায় বা কৰ্মসুত্ৰে নিজৰ ঘৰখনৰ পৰা বাহিৰত থকা লোকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত বা এনে কৰুণ হত্যাকাণ্ড পুনৰ যাতে ৰাজ্যখনৰ লগতে বাহিৰত সংঘটিত হ’ব নোৱাৰে তাৰবাবে অপৰাধজনিত চক্ৰ অথবা দুৰ্বীতক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈও আহ্বান জনায়।

 

You might also like