নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানশিৰিত দুৰ্গা মন্দিৰ উদ্বোধন

নিয়মীয়া বাৰ্তা২৫ নৱেম্বৰ: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ মানশিৰি গাঁও পঞ্চায়তৰ অধীনৰ ৰঙাজান মিৰি গাঁৱৰ গোৰ্খা চুবুৰীত আজি এটা দুৰ্গা মন্দিৰৰ শুভ উদ্বোধন কৰা হয় । মন্দিৰটো শুভ উদ্বোধন কৰে ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ যুৱ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । ভাষণ প্ৰসংগত তাঁতিয়ে কয় যে সমষ্টিৰ বিকাশৰ বাবে তেওঁ তথা চৰকাৰ দায়ৱদ্ধ । সমষ্টিৰ সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৰে সমানুপাতিক বিকাশৰ কাম আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছো । ” অনুষ্ঠানত মানশিৰি গাঁও পঞ্চায়তৰ সভাপতি ইমানুৱেল তপ্ন , যুৱ কৰ্মী অনুজ ছেত্ৰীৰ লগতে ভালেমান ৰাইজ, দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।

You might also like